মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী

অসমৰ ধৰ্মীয় আৰু সাংস্কৃতিক ক্ষেত্ৰৰ প্ৰাণকেন্দ্ৰ মাজুলীৰ পৱিত্ৰ সত্ৰ-সমাজৰ সন্মানীয় সত্ৰাধিকাৰ এগৰাকীক ‘মিঞাৰ এজেন্ট’ বুলি অভিহিত কৰি সমগ্র সনাতন হিন্দু সমাজৰ ভাৱনাত আঘাত কৰাৰ অভিযোগত মাজুলীৰ বিধায়ক ভুবন গামৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত ৰাষ্ট্ৰীয় হিন্দু ফ্রন্ট আৰু হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ তৰফৰ পৰা পৃথকে পৃথকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু অসম প্রদেশ বিজেপিৰ ৰাজ্যিক সভাপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। আজি সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এখন যৌথ প্ৰেছ বিবৃতিৰ জৰিয়তে ৰাষ্ট্ৰীয় হিন্দু ফ্রন্টৰ ৰাজ্যিক সভাপতি বলেন বৈশ্য আৰু হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমৰ ভাৰপ্ৰাপ্ত সভাপতি মাধৱ দাস আৰু সাধাৰণ সম্পাদক অংশুমান শর্মাই কয় যে যোৱা ২৯ জুনত মাজুলীৰ দক্ষিণপাট গৃহশ্রমী সত্ৰৰ পূজনীয় সত্ৰাধিকাৰ জনার্দন দেৱ গোস্বামীয়ে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া পৰিদৰ্শন কৰি ৰাইজৰ প্রকৃত সমস্যাৰ কথা দাঙি ধৰিছিল। ৰাইজৰ হৈ কথা কোৱাৰ অপৰাধত বিধায়ক ভুৱন গামে বৈদ্যুতিন মাধ্যমত সত্রাধিকাৰগৰাকীক ‘মিঞাৰ এজেন্ট’ বুলি কৈ অতি নিম্ন ৰুচিকৰ আৰু নিন্দনীয় ভাষাৰে আক্ৰমণ কৰিছিল। এইটো কেৱল এজন ব্যক্তিক কৰা অপমান নহয় ই মাজুলীৰ ঐতিহ্যমণ্ডিত সত্র-সভ্যতা, বৈষ্ণৱ পৰম্পৰাৰ লগতে সমগ্ৰ অসমীয়া জাতিৰ আত্ম-পৰিচয়ৰ ওপৰতপ্রত্যক্ষ আক্রমণ। এজন জনপ্রতিনিধিয়ে কৰা এনে দায়িত্বহীন, উচটনিমূলক আৰু ধর্মীয় বিদ্বেষমূলক আচৰণ কোনো কাৰণতে সভ্য সমাজৰ বাবে গ্রহণযোগ্য হ’ব নোৱাৰে। বিবৃতিখনত একেলগে দুয়োটা সংগঠনে গভীৰ উদ্বেগ প্রকাশ কৰি কয় যে বিশ্ব ঐতিহ্য ক্ষেত্র সত্ৰ নগৰী মাজুলীত ৩৫খন সত্ৰ থকা পৱিত্ৰ ভূমিত খ্রীষ্টিয়ান মিছনেৰীৰ দ্বাৰা অবৈধ ধৰ্মান্তৰণৰ জৰিয়তে বিগত কেইবছৰত ৬৪ টা গির্জা গঢ়ি উঠিছে; অথচ বিধায়কগৰাকী মাজুলীৰ সাংস্কৃতিক সৰক্ষাৰ ক্ষেত্ৰত সম্পর্ণ নীৰৱ আৰু উদাস। ইয়াৰ দ্বাৰা তেওঁ নিজৰ সাংবিধানিক দায়িত্ব পালনত সম্পূর্ণৰূপে বিফল হোৱাই নহয়, ৰাইজৰ মাজত বিভাজন সৃষ্টি কৰাৰ সংকীৰ্ণ ৰাজনীতিত লিপ্ত হৈছে। তেওঁৰ এনে কর্মকাণ্ডই মাজুলীত খ্রীষ্টান মিছনেৰীৰ আগ্রাসনত মুখ্য পৃষ্ঠপোষক হিচাপে প্রমাণিত কৰিছে। পূৰ্বতে সংবাদমেল যোগে সংগঠন দুটাৰ নেতৃত্বই বিষয়টো সৰ্বসাধাৰণ ৰাইজৰ লগতে দলীয় নেতৃত্বক দৃষ্টিগোচৰ কৰাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাত বাধ্য হৈ আজি এই যৌথ স্মাৰক পত্ৰখন প্ৰেৰণ কৰা হৈছে বুলি নেতাদ্বয়ে জানিবলৈ দিয়ে।

উক্ত পত্রত দুয়োটা সংগঠনে চৰকাৰৰ ওচৰত ৪ টা মূল দাবী জনাইছে। সেয়া হ’ল- সত্র-বিৰোধী আৰু ধর্মীয় ভাৱনাত আঘাত কৰাৰ অপৰাধত বিধায়ক ভুৱন গামৰ ওপৰত তৎকালীনভাবে দলীয় অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰাৰ লগতে মাজুলীত চলি থকা অবৈধ ধর্মান্তৰকৰণ আৰু বিধায়কজনৰ বেনামী সম্পত্তিৰ ওপৰত উচ্চপৰ্যায়ৰ ন্যায়িক অনুসন্ধান কৰাওক চৰকাৰে। তদুপৰি মাজুলীত হোৱা গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান কৰিব লাগিব আৰু দক্ষিণপাট গৃহশ্রমী সত্র আৰু সত্ৰাধিকাৰগৰাকীৰ সুৰক্ষাৰ ব্যৱস্থা প্রদান কৰিব লাগিব চৰকাৰে।

এই সন্দৰ্ভত সংগঠনৰ নেতাদ্বয়ে কঠোৰ ভাষাৰে কয় যে অনতিপলমে চৰকাৰে যদি ব্যৱস্থা নলয়, ৰাষ্ট্ৰীয় হিন্দু ফ্রন্ট আৰু হিন্দু যুৱ-ছাত্ৰ পৰিষদ, অসমে ৰাইজক লগত লৈ বৃহৎ গণতান্ত্রিক আন্দোলন আৰম্ভ কৰিবলৈ বাধ্য হ’ব। ফ্রন্ট আৰু পৰিষদে বিশ্বাস কৰে যে হিন্দুত্ব আৰু সত্ৰ-সংস্কৃতি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত মাজুলীৰ গৌৰৱ ৰক্ষাত সঠিক আৰু দৃষ্টান্তমূলক সিদ্ধান্ত ল’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

GMCHত উপলব্ধ হ’ব কেন্সাৰৰ উন্নত থেৰাপীৰ সঁজুলি,সঁজুলি ক্ৰয়ৰ বাবে কেবিনেটৰ অনুমোদন

অসমত কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ...

নেপালত কিয় পুতি পেলোৱা হৈছে চিনাক্ত নোহোৱা মৃতদেহ? কেনেকৈ হ’ব মৃতদেহৰ চিনাক্তকৰণ?

নেপালত ভয়াৱহ বানত মৃত্যু হোৱা চিনাক্ত নোহোৱা মৃতদেহসমূহ পুতি...

বয়স-ফিটনেছৰ বাবে সলনি হ’ব নেকি ভাৰতৰ বিশ্বকাপ দল?

২০২৭ৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে ভাৰতীয় ক্ৰিকেট...

১৫ বছৰীয়া বৈভৱৰ কান্ধত ইষ্ট জ’নৰ নেতৃত্বৰ দায়িত্ব

বেংগালুৰুৰ Centre of Excellence (CoE)ত দেওবাৰে অনুষ্ঠিত দুলীপ ট্ৰফীৰ...