সুভাংশুৰ পিছত মহাকাশলৈ আন এজন ভাৰতীয় মূলৰ ব্যক্তি!

সুভাংশু শুক্লাৰ পিছত এইবাৰ মহাকাশলৈ যাত্ৰা কৰিবলৈ সাজু হৈছে আন এজন ভাৰতীয় বংশোদ্ভৱ অনিল মেনন। মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই জনোৱা মতে, ২০২৬ চনৰ মাজভাগত অনিল আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আইএছএছ)ৰ উদ্দেশ্যে ৰাওনা হ’ব। অভিযানৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈ গৈছে।

ৰাছিয়াৰ মহাকাশ সংস্থা ৰছকছমছৰ ‘এক্সপিডিশ্যন-৭৫’ত অনিলে নাছাৰ মহাকাশচাৰী হিচাপে ক্ৰু সদস্য আৰু ফ্লাইট ইঞ্জিনিয়াৰৰ দায়িত্ব পালন কৰিব। ২০২৬চনৰ জুন মাহত ৰছকছমছৰ ‘চয়ুজ এমএছ-২৯’ মহাকাশযানত উঠি তেওঁ যাত্ৰা আৰম্ভ কৰিব। তেওঁৰ সৈতে থাকিব ৰছকছমছৰ আন দুজন মহাকাশচাৰী পিয়ট্ৰ ডুব্ৰোভ আৰু আন্না কিকিনা। কাজাখস্তানৰ বৈকানুৰ কছমোড্ৰোমৰ পৰা উৎক্ষেপণৰ পিছত তিনিওজন মহাকাশচাৰীৰ লক্ষ্য হ’ব আইএছএছ। তাত তেওঁলোকে ৮ মাহ থাকি নানা পৰীক্ষা-নিৰীক্ষা কৰিব।

কোন এই অনিল মেনন?

অনিলৰ সম্পূৰ্ণ নাম অনিল মাধৱন সমইলেঙ্কো মেনন। ভাৰতীয় বংশোদ্ভৱ অনিলৰ জন্ম আমেৰিকাৰ মিনেছোটাৰ মিনিয়াপলিছত। তেওঁ ইউক্ৰেইন আৰু ভাৰতৰ প্ৰৱাসীৰ সন্তান। মিনেছোটাৰ চেন্ট পল একাডেমী এণ্ড ছামিট স্কুলৰ পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে অনিলে। ১৯৯৫ চনত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত ১৯৯৯ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা নিউৰ’বায়োলজিত স্নাতক হন। ২০০৪ চনত ষ্টেনফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কেৱল এয়াই নহয়, ২০০৬ চনত ষ্টেনফোৰ্ড মেডিকেল স্কুলৰ পৰা মেডিকেল ডিগ্ৰীও অৰ্জন কৰে। ২০০৯ চনত ষ্টেনফোৰ্ডত জৰুৰী চিকিৎসাত ৰেচিডেন্টশ্বিপ সম্পূৰ্ণ কৰে আৰু ২০১০ চনত ৱাইল্ডাৰনেছ মেডিচিনত ফেলোশ্বিপ লাভ কৰে।

৪৮ বছৰীয়া অনিলে দীৰ্ঘদিন বায়ুসেনাত কাম কৰিছে। ২০১৪ চনত নাছাত ফ্লাইট ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰে। তেওঁ চয়ুজ ‘টিএমএ-১৩এম’ আৰু ‘চয়ুজ টিএমএ-১৭এম’ৰ ডেপুটি ক্ৰু চাৰ্জন আৰু ‘চয়ুজ এমএছ-০৬’ৰ প্ৰাথমিক ক্ৰু চাৰ্জন হিচাপে দায়িত্ব পালন কৰিছে। তেওঁৰ ১,০০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে।

২০২১ চনত অনিল নাছাৰ মহাকাশচাৰী হিচাপে নিৰ্বাচিত হৈছিল। বৰ্তমান তেওঁ স্পেচএক্সত প্ৰধান স্পেচ অপাৰেশ্যন ইঞ্জিনিয়াৰ হিচাপে কাম কৰি আছে। এইবাৰ ৰাছিয়াৰ ‘চয়ুজ এমএছ-২৯’ত উঠি ‘এক্সপিডিশ্যন-৭৫’ অভিযানৰ জৰিয়তে তেওঁ মহাকাশলৈ যাব।

২৫ জুনত নাছাৰ ‘এক্সিয়ম-৪’ অভিযানত মহাকাশলৈ গৈছে ভাৰতৰ সুভাংশু শুক্লা। ৰাকেশ শৰ্মাৰ পিছত ৪১ বছৰৰ এক দীৰ্ঘ সময়ৰ পিছত তেওঁ দ্বিতীয় ভাৰতীয় হিচাপে মহাকাশত উপনীত হৈছে। তেওঁ ভাৰতীয় হিচাপে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত উপস্থিত হৈছে। বৰ্তমান তেওঁ আইএছএছত আছে আৰু ১৪দিন ধৰি তাত থাকি নানা গৱেষণামূলক কাম কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...