স্বাস্থ্য বিভাগত অচিৰেই বৃহৎ নিযুক্তি! কেবিনেট বৈঠকত অনুমোদন

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ:

➡️ ৰাজ্য চৰকাৰৰ ১ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্যৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ অধীনৰ চিকিৎসক, নাৰ্চ, পেৰামেডিকেল কৰ্মচাৰী আদি বিভিন্ন কাৰিকৰী পদকে ধৰি মুঠ ৮,৮৫৫ টা পদত নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই নিযুক্তি প্ৰক্ৰিয়া অহা ছেপ্টেম্বৰ মাহত আৰম্ভ হ’ব৷

➡️ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ বৰ্তমানৰ ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধি কৰি ২৮ শতাংশ কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই বৃদ্ধি ২০২১ চনৰ ৰ জুলাইৰ পৰা কাৰ্যকৰী হ’ব৷

➡️ ক’ভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল, তেওঁলোকৰ সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

➡️ নিবনুৱা সমস্যা সমাধানৰ দিশত এক পদক্ষেপ হিচাপে পৰিবহন আৰু দক্ষতা উন্নয়ন বিভাগৰ যৌথ উদ্যোগত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ৫০ গৰাকীকৈ যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷ ৰাজ্যখনৰ সৰ্বমুঠ ৬৬০০ গৰাকী যুৱক-যুৱতীক এই ৪৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত চৰকাৰে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব৷ তদুপৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে বাণিজ্যিক যাত্ৰীবাহী বাহন ক্ৰয় কৰিব বিচাৰিলে চৰকাৰে ১ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব৷

➡️ ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ এক উপজাতি হিচাপে তালিকাত থকা ‘লালুং’ শব্দটোৰ স্থানত ‘তিৱা’ শব্দটো ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ জনাব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...