স্বাস্থ্য বিভাগত অচিৰেই বৃহৎ নিযুক্তি! কেবিনেট বৈঠকত অনুমোদন

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ:

➡️ ৰাজ্য চৰকাৰৰ ১ লাখ নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদানৰ লক্ষ্যৰ অংশ হিচাপে স্বাস্থ্য বিভাগৰ অধীনৰ চিকিৎসক, নাৰ্চ, পেৰামেডিকেল কৰ্মচাৰী আদি বিভিন্ন কাৰিকৰী পদকে ধৰি মুঠ ৮,৮৫৫ টা পদত নিযুক্তি দিয়াৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই নিযুক্তি প্ৰক্ৰিয়া অহা ছেপ্টেম্বৰ মাহত আৰম্ভ হ’ব৷

➡️ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰগীয়া বানচ বৰ্তমানৰ ১৭ শতাংশৰ পৰা ১১ শতাংশ বৃদ্ধি কৰি ২৮ শতাংশ কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায়৷ এই বৃদ্ধি ২০২১ চনৰ ৰ জুলাইৰ পৰা কাৰ্যকৰী হ’ব৷

➡️ ক’ভিড অতিমাৰীৰ পৰিপ্ৰেক্ষিতত ২০২০ চনৰ ২০ মাৰ্চৰ আগতে ছুটিত থকা যিসকল কৰ্মচাৰী কৰ্মস্থলীৰ বাহিৰত থকাৰ বাবে কৰ্তব্যত অনুপস্থিত আছিল, তেওঁলোকৰ সেই অনুপস্থিতিৰ কালছোৱা নিয়মীয়াকৰণৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

➡️ নিবনুৱা সমস্যা সমাধানৰ দিশত এক পদক্ষেপ হিচাপে পৰিবহন আৰু দক্ষতা উন্নয়ন বিভাগৰ যৌথ উদ্যোগত ৰাজ্যখনৰ প্ৰতিটো সমষ্টিৰ পৰা ৫০ গৰাকীকৈ যুৱক-যুৱতীক গাড়ীচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে আজিৰ কেবিনেটে সিদ্ধান্ত লয়৷ ৰাজ্যখনৰ সৰ্বমুঠ ৬৬০০ গৰাকী যুৱক-যুৱতীক এই ৪৫ দিনীয়া প্ৰশিক্ষণৰ অন্তত চৰকাৰে গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰিব৷ তদুপৰি প্ৰশিক্ষণৰ অন্তত তেওঁলোকে বাণিজ্যিক যাত্ৰীবাহী বাহন ক্ৰয় কৰিব বিচাৰিলে চৰকাৰে ১ লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব৷

➡️ ৰাজ্যখনৰ অনুসূচিত জনজাতিৰ এক উপজাতি হিচাপে তালিকাত থকা ‘লালুং’ শব্দটোৰ স্থানত ‘তিৱা’ শব্দটো ব্যৱহাৰৰ বাবে ৰাজ্য চৰকাৰে ভাৰত চৰকাৰক অনুৰোধ জনাব বুলি আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...