৫ বছৰৰ তলৰ শিশুৰ বাবে জৰুৰী নহয় মাস্ক

চৰকাৰে শিশুৰ বাবে নতুন গাইডলাইন জাৰি কৰিছে। ৫ বছৰৰ কম বয়সৰ শিশুৰ বাবে মাস্ক জৰুৰী নহয়। বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে নতুন গাইডলাইন। ইয়াৰ লগতে ৬ৰ পৰা ১১ বছৰ বয়স আৰু ১২ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীৰ বাবেও পৃথক নিৰ্দেশনা প্ৰকাশ কৰিছে। সেই অনুসৰি ছবছৰৰ পৰা ১১ বছৰৰ কিশোৰ-কিশোৰীয়ে মাস্ক পৰিধান কৰিব পাৰে। অৱশ্যে মাক-দেউতাক তথা পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব। ১২ বছৰ বা ১২ৰ অধিক বয়সৰ কিশোৰ-কিশোৰীয়ে পৰিধান কৰিব লাগিব মাস্ক। স্বাস্থ্য মন্ত্ৰণালয়ে সদৰি কৰিছে যে ১২ বছৰ বা তাতকৈ অধিক বয়সৰ লোকসকলে প্ৰাপ্তবয়স্কৰ দৰে মাস্ক পিন্ধিব লাগে। শেহতীয়াকৈ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষজ্ঞৰ এটা গোটে নিৰ্দেশনাবোৰ পৰ্যালোচনা কৰিছিল, বিশেষকৈ অ’মিক্ৰনৰ সংক্ৰমণ সন্দৰ্ভত। স্বাস্থ্য মন্ত্ৰণালয়ে কৈছে যে আন দেশৰ পৰা উপলব্ধ তথ্যই দেখুৱাইছে যে অ’মিক্ৰন প্ৰকাৰৰ দ্বাৰা হোৱা ৰোগ কম গুৰুতৰ। অৱশ্যে মহামাৰীৰ ঢৌ এতিয়াও শেষ হোৱা নাই, গতিকে সাৱধানে নিৰীক্ষণ কৰাৰ প্ৰয়োজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...