মৰাণ ডেকাৰ “চাকচনিৰ” শব্দত কঁকাল ঘূৰালে নাচনীয়ে

তিনিচুকীয়াৰ তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন। মৰাণ বিহু চাবলৈ আহিল সুদূৰ আফ্ৰিকাৰ পৰা পৰ্যটক। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি মৰাণ বিহু উপভোগ কৰিলে পৰ্যটক কেইগৰাকীয়ে।

তিনিচুকীয়াৰ তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন
মৰাণ ডেকাৰ “চাকচনিৰ” শব্দত কঁকাল ঘূৰালে নাচনীয়ে
মৰাণ বিহু চাবলৈ আহিল সুদূৰ আফ্ৰিকাৰ পৰা পৰ্যটক
পৰম্পৰাগত সাজপাৰ পৰিধান কৰি মৰাণ বিহু উপভোগ
বিহুথলীৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে সুসজ্জিত কেইবাটাও হাতীয়ে
ৰাতি বিহু চাই আপ্লুত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ

মৰাণ ডেকাৰ “চাকচনিৰ” শব্দ আৰু গাভৰুৰ বিহু নাচত জীপাল হ’ল তৰাণি গাঁৱৰ ৰাজহুৱা খেলপথাৰ। তিনিচুকীয়াৰ তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন। অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ নীতি-নিয়মেৰে পৰম্পৰাগতভাৱে উদযাপন মৰাণ বিহু। ৰাতি বিহু চাবলৈ আহিল গাঁওখনৰ শতাধিক লোক। ৰাতি বিহুথলীৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে সুসজ্জিত ৰূপত অহা গাঁওখনৰ কেইবাটাও হাতীয়ে। হাতীৰে পৰিক্ৰমা কৰোৱা হয় বিহুতলী। ইপিনে মৰাণ ডেকাৰ “চাকচনিৰ” শব্দত গাভৰু সকলে কঁকাল ঘূৰাই নাচিলে। নাচনিৰ নাচত বিভোৰ হৈ পৰিল মৰাণ ডেকা। ইফালে মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু চাবলৈ সুদূৰ আফ্ৰিকাৰ পৰা আহিল পৰ্যটক। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি মৰাণ বিহু উপভোগ কৰিলে পৰ্যটক কেইগৰাকীয়ে। ৰাতি বিহু চাই আপ্লুত হৈ পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ কেইগৰাকী। তৰাণি গাঁৱত অনুষ্ঠিত ৰাতি বিহু উদযাপন কমিটিৰ উদ্যোক্তাই জনালে মৰাণ জনগোষ্ঠীৰ ঐতিহ্যৰ কথা। এনেদৰে নিশা জীপাল হৈ পৰিল তিনিচুকীয়াৰ তৰাণি গাঁৱৰ বাকৰি। ৰাতি বিহু নাচি নাচনি বিহুৱাও হৈ পৰিল আপোন পাহৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...