মৰাণ ডেকাৰ “চাকচনিৰ” শব্দত কঁকাল ঘূৰালে নাচনীয়ে

তিনিচুকীয়াৰ তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন। মৰাণ বিহু চাবলৈ আহিল সুদূৰ আফ্ৰিকাৰ পৰা পৰ্যটক। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি মৰাণ বিহু উপভোগ কৰিলে পৰ্যটক কেইগৰাকীয়ে।

তিনিচুকীয়াৰ তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন
মৰাণ ডেকাৰ “চাকচনিৰ” শব্দত কঁকাল ঘূৰালে নাচনীয়ে
মৰাণ বিহু চাবলৈ আহিল সুদূৰ আফ্ৰিকাৰ পৰা পৰ্যটক
পৰম্পৰাগত সাজপাৰ পৰিধান কৰি মৰাণ বিহু উপভোগ
বিহুথলীৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে সুসজ্জিত কেইবাটাও হাতীয়ে
ৰাতি বিহু চাই আপ্লুত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ

মৰাণ ডেকাৰ “চাকচনিৰ” শব্দ আৰু গাভৰুৰ বিহু নাচত জীপাল হ’ল তৰাণি গাঁৱৰ ৰাজহুৱা খেলপথাৰ। তিনিচুকীয়াৰ তৰাণি গাঁৱত মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু উদযাপন। অসমৰ আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীৰ নীতি-নিয়মেৰে পৰম্পৰাগতভাৱে উদযাপন মৰাণ বিহু। ৰাতি বিহু চাবলৈ আহিল গাঁওখনৰ শতাধিক লোক। ৰাতি বিহুথলীৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে সুসজ্জিত ৰূপত অহা গাঁওখনৰ কেইবাটাও হাতীয়ে। হাতীৰে পৰিক্ৰমা কৰোৱা হয় বিহুতলী। ইপিনে মৰাণ ডেকাৰ “চাকচনিৰ” শব্দত গাভৰু সকলে কঁকাল ঘূৰাই নাচিলে। নাচনিৰ নাচত বিভোৰ হৈ পৰিল মৰাণ ডেকা। ইফালে মৰাণ জনগোষ্ঠীৰ ৰাতি বিহু চাবলৈ সুদূৰ আফ্ৰিকাৰ পৰা আহিল পৰ্যটক। পৰম্পৰাগত সাজপাৰ পৰিধান কৰি মৰাণ বিহু উপভোগ কৰিলে পৰ্যটক কেইগৰাকীয়ে। ৰাতি বিহু চাই আপ্লুত হৈ পৰিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ কেইগৰাকী। তৰাণি গাঁৱত অনুষ্ঠিত ৰাতি বিহু উদযাপন কমিটিৰ উদ্যোক্তাই জনালে মৰাণ জনগোষ্ঠীৰ ঐতিহ্যৰ কথা। এনেদৰে নিশা জীপাল হৈ পৰিল তিনিচুকীয়াৰ তৰাণি গাঁৱৰ বাকৰি। ৰাতি বিহু নাচি নাচনি বিহুৱাও হৈ পৰিল আপোন পাহৰা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...