ছত্তিশগড়ত মাওবাদীৰ ভয়ংকৰ আক্ৰমণ, ছহিদ অসমৰ জোৱান

ছত্তিশগড়ত সংঘটিত হৈছে মাওবাদীৰ আক্ৰমণৰ ঘটনা। মাওবাদীৰ এই আক্ৰমণত ছহিদ হৈছে অসমৰ CRPF জোৱান লম্বোধৰ সিংহ। ছহিদ লম্বোধৰ সিংহৰ ঘৰ বঙাইগাঁৱৰ বিদ্যাপুৰত। লম্বোধৰৰ মৃত্যুৰ খবৰে শোকাকুল পৰিৱেশৰ কৰিছে বিদ্যাপুৰত।

মঙলবাৰে ছত্তিশগড়ৰ বিজাপুৰত CRPFৰ ওপৰত আক্ৰমণ চলাইছিল মাওবাদীয়ে। এই আক্ৰমণত লম্বোধৰ সিংহসহ ছহিদ হয় ৩ জোৱান। মাওবাদীৰ এই আক্ৰমণত গুলীবিদ্ধ আন ১৫জনকৈ জোৱান। ঘটনাত আহতসকলক ভৰ্তি কৰোৱা হৈছে ছত্তিশগড়ৰ চিকিৎসালয়ত। এই আক্ৰমণৰ প্ৰত্যুত্তৰত CRPFৰ গুলীত কেইবাজনো মাওবাদী হতাহত। উল্লেখ্য যে এক অভিযানৰ সময়তে দুই পক্ষৰ মাজত লাগে গুলীয়াগুলী। কোব্ৰা বেটেলিয়ন, CRPFৰ সৈতে হয় মাওবাদীৰ গুলীয়াগুলী।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...