মাজুলীলৈ আহিছে বিচিত্ৰ প্ৰজাতিৰ আলহী পক্ষী

মাজুলীলৈ আহিছে বিচিত্ৰ প্ৰজাতিৰ আলহী পক্ষী । মাজুলীৰ বিল, সুঁতি, জলাশয়, পুখুৰীত দৃষ্টিনন্দন দৃশ্য । মাজুলীত পৰিভ্ৰমী পক্ষীৰ চৰাইৰ কল-কাকলি, বিচৰণ । পৰিভ্ৰমী পক্ষীৰ আগমনে মুখৰিত কৰিছে মাজুলীৰ আকাশ ।
অপূৰ্ব দৃশ্যই মোহিত কৰিছে পৰ্যটকসকলকো ।

পৰিভ্ৰমী পক্ষীৰ ভূ-স্বৰ্গলৈ পৰিণত মাজুলী। মাজুলীৰ বিল, সুঁতি, জলাশয়, পুখুৰীত এতিয়া gfx- পৰিভ্ৰমী পক্ষী বিচৰণে সৃষ্টি কৰিছে এক অনিন্দ্য সৌন্দৰ্যৰ। gfx- বিবিধ পক্ষীৰ কলাহলত মুখৰ মাজুলীৰ আকাশ।
বিশ্বৰ বিভিন্ন প্রান্তৰৰ লগতে সূদুৰ চাইবেৰীয়াৰ পৰা হাজাৰ হাজাৰ মাইল অতিক্ৰম কৰি মাজুলীলৈ আগমন বিচিত্ৰ প্ৰজাতিৰ আলহী পক্ষী । শৰালি,ৰাজহাঁহ, পাতিহাঁহ, ঘিলাহাঁহ,বগলী, ঢেৰা, বৰটোকোলা,দৈকলা আদি চৰাইৰ কল-কাকলিৰ জোৱাৰ উঠিছে এতিয়া মাজুলীত। পৰিভ্ৰমী পক্ষী বিচৰণৰ এই দৃষ্টিনন্দন দৃশ্যই মোহিত কৰিছে পৰ্যটক সকলকো।

জনবসতি বৃদ্ধি পাই অহাৰ লগে লগে জলাশয়ৰ ভৌগোলিক পৰিসীমা কিছু পৰিমাণে হ্ৰাস পাইছে। তথাপিও হ্ৰাস পোৱা নাই পৰিভ্ৰমী পক্ষী বিচৰণৰ সৌন্দৰ্য। শীতকালৰ আৰম্ভণিতে নদী-দ্বীপটোলৈ অহা এইসমূহ পক্ষী মাৰ্চ – এপ্ৰিলত পুনৰ মাজুলী এৰি অন্য ঠাইলৈ গতি কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...