মৰুৰ দেশত উজলিল ‘ব্লু টাইগাৰ্ছ’

কুৱেইটৰ বিৰুদ্ধে সুনীল বাহিনীৰ জয়লাভ
২০২৬ৰ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰৰ্ছৰ প্ৰথমখন খেলত জয়লাভ ভাৰতৰ

সুদীৰ্ঘ ২২ বছৰৰ পিছত বিদেশৰ মাটিত ফিফা বিশ্বকাপ কোৱালিফায়াৰত প্ৰথমটো জয়ৰ সোৱাদ ল’লে ভাৰতীয় ফুটবল দলে। ২০২৬ৰ ফিফা বিশ্বকাপৰ কোৱালিফায়িং মেচত জয়েৰে অভিযান আৰম্ভ কৰিলে ভাৰতে। ১-০ গ’লৰ ব্যৱধানত কুৱেইটক কৰিলে পৰাস্ত। ৭৫ মিনিটত মনবীৰ সিঙৰ গ’লৰ সহায়ত বিজয়ী ‘ব্লু টাইগাৰ্ছ’।

লালিয়াঞ্জুৱালা চাংটে দিয়া ক্ৰছ সংযোগ কৰি মনবীৰ সিঙে ৭৫ মিনিটত ভাৰতৰ হৈ গ’ল দিবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বেই ফিফা ৰেংকিঙৰ ১০৬ স্থানত থকা ভাৰতে জুলাইত SAFF চেম্পিয়নশ্বিপৰ ফাইনেলত পেনাল্টি শ্বুটআউটত কুৱেইটক পৰাস্ত কৰিছিল। মন কৰিবলগীয়া যে, ২০২৬ৰ ফিফা বিশ্বকাপৰ কোৱালিফায়িং ৰাউণ্ড 2ত গ্ৰুপ Aত আছে ভাৰতীয় ফুটবল দল। ভাৰতৰ সৈতে গ্ৰুপ Aত আছে কাটাৰ, কুৱেইট আৰু আফগানিস্তান

ইপিনে, গ্ৰুপৰ শীৰ্ষ থকা দুটা দল ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডলৈ আগবাঢ়িব। প্ৰতিটো গ্ৰুপৰ শীৰ্ষ দুটা দলে ২০২৭ AFC এছিয়ান কাপৰ বাবে অৰ্হতা নিশ্চিত কৰিব। ইয়াৰ পূৰ্বেই ‘ব্লু টাইগাৰ্ছে’ কেতিয়াও ফিফা বিশ্বকাপ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডলৈ আগবাঢ়ি যোৱা নাই। যিহেতু, ২০২৬ৰ ফিফা বিশ্বকাপত ৪৮টা দলে অংশগ্ৰহণ কৰিব সেয়েহে এছিয়া মহাদেশৰ পৰা ৮টাকৈ দলে স্থান পাব। অৱশ্যে, এছিয়ান ৰেংকিঙৰ ১৮ সংখ্যক স্থানত আছে ভাৰত। কিন্তু ফিফা বিশ্বকাপৰ কোৱালিফায়িং মেচত এনেকৈ ভাল প্ৰদৰ্শন দাঙি ধৰিলে ফিফা বিশ্বকাপৰ ইতিহাসত প্ৰথমবাৰলৈ সুযোগ পোৱাৰ আশা এতিয়াও সজীৱ হৈ থাকিব। ভাৰতে অহা ২১ নৱেম্বৰত ভুৱনেশ্বৰত এছিয়ান চেম্পিয়ন কাটাৰৰ সৈতে ২য়খন বিশ্বকাপৰ কোৱালিফায়িং খেলিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...