৭টা বছৰৰ ভিতৰত সৰ্বোচ্চ ৰাজহ সংগ্ৰহ মানস ৰাষ্ট্ৰীয় উদ্যানৰ

প্ৰকৃতিয়ে যেন সুকীয়াকৈ সজাইছে মানস ৰাষ্ট্ৰীয় উদ্যানক। কি নাই মানসত? প্ৰকৃতিৰ সেউজীয়া, জীৱ-জন্তুৰ সমৃদ্ধিৰে উদ্ভাসিত হৈ পৰিছে মানস ৰাষ্ট্ৰীয় উদ্যান। এইবাৰ ৭টা বছৰৰ ভিতৰত সৰ্বোচ্চ ৰাজহ সংগ্ৰহ কৰিছে মানস ৰাষ্ট্ৰীয় উদ্যানে। ৩৪ খন বিদেশী ৰাষ্ট্ৰৰ ৭৯৯ গৰাকী পৰ্যটকে ভ্ৰমণ কৰিলে মানস। অসমৰ এখন উল্লেখনীয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যানে সদম্ভে জাহিৰ কৰিছে প্ৰকৃতিৰ বুকুত নিজৰ অপূৰ্ব স্থৈৰ্য।

প্ৰকৃতিৰ সেউজীয়া, জীৱ-জন্তুৰ সমৃদ্ধিৰে উদ্ভাসিত মানস ৰাষ্ট্ৰীয় উদ্যান
৭টা বছৰৰ ভিতৰত সৰ্বোচ্চ ৰাজহ সংগ্ৰহ মানস ৰাষ্ট্ৰীয় উদ্যানৰ
৩৪ খন বিদেশী ৰাষ্ট্ৰৰ ৭৯৯ গৰাকী পৰ্যটকে ভ্ৰমণ কৰিলে মানস
৩৩ খন ৰাজ্যৰ ৫৩,১৫৮ গৰাকী দেশীয় পৰ্যটকে ভ্ৰমণ কৰিছে মানস
চলিত বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাজহ লাভ ১,৩৫,৮৪,৪৫০ টকা
সম্প্ৰতিও ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ আগমন ঘটিয়েই আছে

ৰূপেৰে ভৰা চাদৰখনি সেউজীয়া, জীৱনেৰে ভৰা এই কোলা আলসুৱা। মানস ৰাষ্ট্ৰীয় উদ্যান। প্ৰকৃতিয়ে যেন সুকীয়াকৈ সজাইছে মানসক। সম্প্ৰতি মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ হৈ পৰিছে চালে চকুৰোৱা। ইটো সিটো বহুতো বনৰীয়া জীৱ জন্তু দেখি এপলক দৃষ্টিৰে চাই ৰৈছে পৰ্যটকে। কি নাই মানসত? চাওক বীৰদৰ্পে বনলৈ সোমাই গৈছে বনৰজা। সেউজীয়া ঘাঁহনিৰ মাজে মাজে দৌৰিছে এজাবৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা আৰু ৰাজহো। এইবাৰ ৭টা বছৰৰ ভিতৰত সৰ্বোচ্চ ৰাজহ সংগ্ৰহ মানস ৰাষ্ট্ৰীয় উদ্যানৰ।
৩৪ খন বিদেশী ৰাষ্ট্ৰৰ ৭৯৯ গৰাকী পৰ্যটকে ভ্ৰমণ কৰিলে মানস
৩৩ খন ৰাজ্যৰ ৫৩,১৫৮ গৰাকী দেশীয় পৰ্যটকে ভ্ৰমণ কৰিছে মানস
চলিত বৰ্ষৰ ৩১ মাৰ্চলৈকে ৰাজহ লাভ ১,৩৫,৮৪,৪৫০ টকা
চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ডেৰ মাহত ৰাজহ ১৮,১৫,৬২৫ টকা

মানসত পৰ্যটকৰ সংখ্যা আৰু ৰাজহ বৃদ্ধিৰ ক্ষেত্ৰত ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে ‘মানস একোমডেশ্যন এণ্ড টুৰিজ্যিম ছ’চাইটি’ আৰু জীপ ছাফাৰিৰ অৱদানৰ কথাও উল্লেখ কৰে৷ চলিত পৰ্যটন বৰ্ষতো মানসত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড॰ বৈভৱ চি মাথুৰে।

সম্প্ৰতিও ৰাষ্ট্ৰীয় উদ্যানখনলৈ পৰ্যটকৰ আগমন ঘটিয়ে আছে ৷ শেহতীয়া বিত্তীয় বৰ্ষত (২০২২-২৩) মানসত পৰ্যটকৰ পৰা সংগ্ৰহ হৈছে বিগত সাতটা বছৰৰ তুলনাত সৰ্বোচ্চ ৰাজহ ৷ অসমৰ এখন উল্লেখনীয় ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানস ৰাষ্ট্ৰীয় উদ্যানে সদম্ভে জাহিৰ কৰিছে প্ৰকৃতিৰ বুকুত নিজৰ অপূৰ্ব স্থৈৰ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...