ৰাজপথত কুকুৰক খাদ্য দিয়াৰ বাবে ৮বাৰ চৰিয়ালে এগৰাকী মহিলাক; গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক

পথৰ কুকুৰৰ বিষয়ে দেশজুৰি চলি থকা বিতৰ্কৰ মাজতে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এগৰাকী মহিলাৰ ওপৰত পথৰ কুকুৰক ৰাস্তাত খাদ্য দিয়াৰ ‘অপৰাধত’ এজন যুৱকে আক্ৰমণ কৰিছে। অভিযোগ উঠিছে যে, তেওঁক মাৰপিট কৰা হৈছে। ঘটনাটো শুকুৰবাৰৰ নিশাৰ।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, আক্ৰান্ত মহিলা গৰাকীৰ নাম ইয়াশিকা শুক্লা। তেওঁ গাজিয়াবাদৰ নিবাসী। তেওঁৰ অভিযোগ, শুকুৰবাৰে নিশা তেওঁ নিৰ্ধাৰিত ঠাইতেই পথৰ কুকুৰবোৰক খাদ্য দি আছিল। সেই সময়ত বিজয়নগৰৰ এটা আৱাসৰ পৰা এজন যুৱক ওলাই আহি ৰাস্তাত কুকুৰক কিয় খাদ্য দিছে বুলি প্ৰশ্ন তুলি মহিলাগৰাকীক চৰ মাৰে। প্ৰায় ৮বাৰ চৰ মৰাৰ অভিযোগ উঠিছে।

এই সমগ্ৰ ঘটনা মহিলাগৰাকীৰ বায়েকে কেমেৰাত বন্দী কৰে। তেওঁ যেতিয়া আক্ৰমণৰ ভিডিঅ’ কৰি আছিল, অভিযুক্ত যুৱকে ভীতি প্ৰদৰ্শন কৰিছিল। মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যুৱকজনৰ নাম কমল খান্না। ইতিমধ্যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, দিল্লী আৰু এনচিআৰৰ পৰা পথৰ কুকুৰবোৰ আঁতৰোৱাৰ বিষয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই দেশজুৰি বিতৰ্ক আৰম্ভ হৈছিল। এই বিতৰ্কৰ মাজতে আগৰ দুজন বিচাৰপতিৰ বেঞ্চৰ নিৰ্দেশ স্থগিত ৰাখি সৰ্বোচ্চ ন্যায়ালয়ে পথৰ কুকুৰৰ বন্ধ্যাকৰণৰ ওপৰত গুৰুত্ব দিছে। তেওঁলোকে জনাইছে যে, পথৰ কুকুৰবোৰক দিল্লী-এনচিআৰৰ ৰাস্তাৰ পৰা নিৰ্দিষ্ট আশ্ৰয়গৃহলৈ নিয়া হ’ব। তাত সঠিক পদ্ধতিৰে বন্ধ্যাকৰণ আৰু প্ৰতিষেধক প্ৰদানৰ কাম কৰা হ’ব। তাৰ পিছত য’ৰ পৰা কুকুৰবোৰ নিয়া হৈছিল, তালৈ ঘূৰাই অনা হ’ব। লগতে কোৱা হৈছে, যিবোৰ কুকুৰ ৰেবিজ ৰোগত আক্ৰান্ত বা আক্ৰমণাত্মক স্বভাৱৰ, তেওঁলোকক আশ্ৰয়কেন্দ্ৰতেই ৰখা হ’ব। ইয়াৰ উপৰিও ৰাস্তাত প্ৰকাশ্যে কুকুৰক খাদ্য দিয়াৰো নিষেধাজ্ঞা জাৰি কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...