মল্লিকাৰ্জুন খাৰ্গেৰ কান্ধত দল পৰিচালনাৰ দায়িত্ব

AICCৰ পৰৱৰ্তী সভাপতি হিচাপে নিৰ্বাচিত হৈছে গান্ধী পৰিয়ালৰ অতি ঘনিষ্ঠৰূপে পৰিচিত মল্লিকাৰ্জুন খাৰ্গে। বুধবাৰে ঘোষিত ফলাফল অনুসৰি ৬ হাজাৰতকৈ অধিক ভোটৰ ব্যৱধানত প্ৰতিদ্বন্দ্বি প্ৰাৰ্থী শশী থাৰুৰক পৰাস্ত কৰিছে খাৰ্গেই। সুদীৰ্ঘ ২৪ টা বছৰৰ মূৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। বিগত ২২ বছৰ ধৰি গান্ধী পৰিয়ালৰ হাততেই আছিল সভাপতিৰ পদ। শেষবাৰৰ বাবে AICCত গান্ধী পৰিয়ালৰ বাহিৰৰ সভাপতি আছিল সীতাৰাম কেশৰী। আৰু এইবাৰ অনুষ্ঠিত নিৰ্বাচনত শশী থাৰুৰক হৰুৱাই বিজয়ী হয় গান্ধী পৰিয়ালৰ অতি ঘনিষ্ট বুলি জনাজাত প্ৰবীন কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...