মহাশিৱৰাত্ৰিত মহাকুম্ভ মেলাৰ মহা সমাপ্তি

মহা শিৱৰাত্ৰিত মহাকুম্ভ মেলাৰ মহা সমাপ্তি। বুধবাৰে সামৰণি পৰিল মহাকুম্ভ মেলাৰ। উত্তৰপ্ৰদেশৰ প্ৰয়াগৰাজত ১৩ জানুৱাৰীত আৰম্ভ হৈছিল মহাকুম্ভ মেলা। ৪৫ দিনীয়া এই মেলাত পূণ্য স্নান কৰে কোটি কোটি লোকে। প্ৰয়াগৰাজৰ ত্ৰিৱেণী সঙ্গমত সমবেত হয় দেশ-বিদেশৰ কোটি কোটি জনতা। একমাত্ৰ হিন্দুৱেই নহয়, এই মেলা হৈ উঠিছিল সম্প্ৰীতিৰ থলীস্বৰূপ। দেশ-বিদেশৰ অন্য ধৰ্মী লোকেও এই মহামেলাত উপস্থিত হৈ ত্ৰিৱেণী সঙ্গমত স্নান কৰে। বিচিত্ৰ সাধু-সন্ন্যাসীৰ সমাগম আছিল মহাকুম্ভ মেলাৰ অন্যতম আকৰ্ষণ। সাধাৰণ লোকৰ উপৰি দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আদি প্ৰয়াগৰাজত স্নানৰ বাবে উপস্থিত হৈছিলগৈ। ত্ৰিবেণী সংগমত স্নান কৰে উদ্যোগ-বাণিজ্য জগতৰ ৰথী-মহাৰথীসকলেও। ভিৰ কৰিছিল খেল-চিনেমা জগতৰ তাৰকাসকলেও। মহাকুম্ভ মেলাত সম্পন্ন হয় ৬টা চাহী স্নান। স্নানৰ বাবে অতি শুভ মুহূৰ্ত বুলি বিবেচিত হৈছিল ১৩ জানুৱাৰীৰ পৌষ পূৰ্ণিমা, ১৪ জানুৱাৰীৰ মকৰ সংক্ৰান্তি, ২৯ জানুৱাৰীৰ মৌনী অমাৱস্যা, ৩ ফেব্ৰুৱাৰীৰ বসন্ত পঞ্চমী, ১২ ফেব্ৰুৱাৰীৰ মাঘী পূৰ্ণিমা আৰু অন্তিম দিনৰ মহা শিৱৰাত্ৰি। শেষৰ দিনা পুৱাৰ পাৰ মাজনিশা পৰ্যন্ত স্নানৰ বাবে তিনিটা শুভ মুহূৰ্ত নিৰ্ধাৰণ হৈছে। ১৪৪ বছৰৰ মূৰত অনুষ্ঠিত ৪৫ দিনীয়া এই মহা কুম্ভমেলাত উত্তৰপ্ৰদেশৰ চৰকাৰৰ তথ্য অনুসৰি প্ৰায় ৬৪ কোটি লোকে অংশ ল’লে। অন্তিম দিনটোত ৮১ লাখৰ অধিক লোকে পূণ্য স্নান কৰাৰ সম্ভাৱনা আছে। গোৰখপুৰৰ মন্দিৰত স্থাপন কৰা নিয়ন্ত্ৰণ কক্ষত বহি মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে মেলাৰ শেষৰ দিনা সামগ্ৰিক ব্যৱস্থাৰ ওপৰত চকু ৰাখে।
মহাকুম্ভমেলাত অসমৰ অংশগ্ৰহণো আছিল মন কৰিবলগীয়া। মাজুলীৰ পৰা যোৱা সত্ৰীয়াসকলে নামঘৰ প্ৰতিষ্ঠা কৰি ভাগৱত পাঠ কৰাৰ উপৰি সত্ৰীয়া সংস্কৃতি পৰিৱেশন কৰে প্ৰয়াগৰাজত। পৰিৱেশন কৰে ভাওনা। তদুপৰি প্ৰদৰ্শিত হৈছিল কামাখ্যধামৰ প্ৰতীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সপৰিয়ালে পূণ্য স্নান কৰে। তদুপৰি অসমৰ ভালেসংখ্যক লোকে প্ৰয়াগৰাজত উপস্থিত হৈ কুম্ভমেলাত অংশ লয়।

দুৰ্ভাগ্যজনকভাৱে মহাকুম্ভমেলাত সংঘটিত হৈছিল কেইবাটাও অঘটন। ২৯ জানুৱাৰীত চাহী স্নানকালত অভূতপূৰ্ব জনসমাগমৰ পৰিপ্ৰেক্ষিতত পদপিষ্ট হৈ মৃত্যু মুখত পৰে ৩০গৰাকী লোক। তদুপৰি আহত হৈছিল ৬০ গৰাকীৰো অধিক লোক। এই ঘটনাত মৃত্যু হৈছিল হাইলাকান্দিৰ পৰা যোৱা এজন ব্যৱসায়ীৰ। তদুপৰি মহাকুম্ভমেলাত সংঘটিত হয় কেইবাটাও অগ্নিকাণ্ডৰ ঘটনা। আনহাতে নতুন দিল্লীৰ ৰে’ল ষ্টেচনত মহাকুম্ভৰ যাত্ৰীৰ ভিৰত পদপিষ্টৰ ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত ১৮গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো আহত হয়। ইয়াৰ উপৰি মহাকুম্ভমুখী এটা যাত্ৰীৰ দল পশ্চিমবংগৰ নক্সালবাৰীত দুৰ্ঘটনাত পতিত হোৱাত পশ্চিম মায়ঙৰ দুজন লোকৰ মৃত্যু হয়।

মহাকুম্ভমেলাক কেন্দ্ৰ কৰি গা কৰি উঠে ৰাজনীতিয়ে। দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাই প্ৰধানমন্ত্ৰীয়ে মোদীয়ে ত্ৰিৱেণী সঙ্গমত স্নান কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াত ৰাজনীতিৰ গোন্ধ পায় বিৰোধীয়ে। ইপিনে, কুম্ভমেলাথলীত পদপিষ্টৰ ঘটনা আৰু অগ্নিকাণ্ডক লৈ যোগী চৰকাৰৰ সমালোচনা কৰে বিৰোধীয়ে। দিল্লীৰ পদপিষ্টৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগ বিধানসভাত সৰৱ হয় মমতা বেনাৰ্জী। এই সমগ্ৰ ঘটনা লানিক ৰাজনৈতিক ৰহন নিদিবলৈ সকীয়াই দিয়ে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

উত্তৰপ্ৰদেশৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পৰে মহাকুম্ভ মেলাৰ। ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা হোটেল-ৰেস্তোৰাঁ, পৰিৱহণ আদি প্ৰতিটো ক্ষেত্ৰতে লাভান্বিত হয় উত্তৰ প্ৰদেশ। ৰাজ্যখনৰ বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী আদিত্যানাথে প্ৰকাশ কৰা অনুসৰি মহাকুম্ভই ৰাজ্যখনৰ অৰ্থনীতিৰ শ্ৰীবৃদ্ধিত ৩ লাখ কোটি টকাৰো অধিক বৰঙণি আগবঢ়াব। একমাত্ৰ উত্তৰপ্ৰদেশৰে নহয় সমগ্ৰ দেশৰ অৰ্থনীতিত মহাকুম্ভ মেলাৰ প্ৰভাৱ নুই কৰিব নোৱাৰি।

Popular

More like this
Related

দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে অ’চি বিৰিঞ্চি দাসে, নিশা মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা

নিশা মহানগৰীত শোকাৱহ পথ দুৰ্ঘটনা। তীব্ৰবেগী চুইফট বাহনে মহতিয়াই...

মাজনিশা অসমত অনুভূত ভূমিকম্প

মাজনিশা অসমত অনুভূত ভূমিকম্প গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুভূত...

বঙাইগাঁও শোধনাগাৰৰ সামৰ্থ সম্প্ৰসাৰণত সহায় কৰিবলৈ কেন্দ্রীয় মন্ত্ৰীক আহ্বান মুখ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ উপস্থিতিত অসমৰ শক্তি খণ্ডৰ...

অস্মিতা বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি, শুচিস্মিতা চক্ৰৱৰ্তীৰ দ্বিমুকুট অৰ্জন

গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কনকলতা ইনড’ৰ ষ্টেডিয়ামত...