মহা কুম্ভমেলাত নিষিদ্ধ VVIP পাছ

প্ৰয়াগৰাজৰ মহাকুম্ভমেলাত পদপিষ্টৰ ঘটনাৰ পিছত বিপৰ্যয় ৰোধৰ বাবে তৎপৰ উত্তৰ প্ৰদেশ চৰকাৰ। মেলাথলীত ভক্তৰ সমাগম নিয়ন্ত্ৰণৰ লগতে সাল-সলনি ঘটোৱা হৈছে বিভিন্ন ব্যৱস্থাৰ। যান-বাহন মুক্ত অঞ্চলৰূপে ঘোষণা কৰা হৈছে সমগ্ৰ কুম্ভমেলাথলী। বুধবাৰে মৌনি অমাৱস্যাৰ অমৃত স্নানৰ বাবে কেবা কোটি ভক্ত সমবেত হোৱাৰ সময়তে পদপিষ্ট হৈ প্ৰাণ হেৰুৱাইছিল কেবাজনো ভক্তই। কুম্ভমেলা থলীত পুনৰ বিপৰ্যয় ৰোধৰ বাবে তৎপৰ উত্তৰ প্ৰদেশ চৰকাৰ। ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে সাল-সলনি ঘটোৱা হৈছে বিভিন্ন ব্যৱস্থাৰ। যান-বাহন মুক্ত অঞ্চলৰূপে ঘোষণা কৰা হৈছে সমগ্ৰ মেলাথলী। বসন্ত পঞ্চমীত ভক্তৰ সুৰক্ষা নিশ্চিত কৰাত গুৰুত্ব প্ৰশাসনৰ।
আজিও লোকাৰণ্য প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাথলী। লাখ লাখ ভক্তৰ আগমনত বিৰ দি বাট নোপোৱা অৱস্থা কুম্ভমেলাথলীত। আগন্তুক বসন্ত পঞ্চমীত ভক্তৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বিপৰ্যয় ৰোধৰ বাবে তৎপৰ হৈ পৰিছে উত্তৰ প্ৰদেশ চৰকাৰ। ইয়াৰ বাবে মেলাথলীত ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থাৰ সাল–সলনি ঘটোৱাৰ লগতে নিয়োগ কৰিছে অতিৰিক্ত বাহিনী। সমগ্ৰ মেলাথলীক যান–বাহনমুক্ত অঞ্চলৰূপে ঘোষণা কৰি সকলো ধৰণৰ গাড়ীৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ উপৰি মেলাথলীত প্ৰৱেশৰ ক্ষেত্ৰত বাতিল সকলো VVIP পাছৰ ব্যৱস্থা। ভক্তৰ সমাগম নিয়ন্ত্ৰণৰ বাবে ‘ৱান ৱে ট্ৰেফিক’ ব্যৱস্থা প্ৰৱৰ্তন। যান-জঁট নিয়ন্ত্ৰণৰ বাবে প্ৰয়াগৰাজৰ বাহিৰত গাড়ী ৰখোৱাৰ ব্যৱস্থা। প্ৰয়াগৰাজত ৪ ফেব্ৰুৱাৰীলৈকে চাৰিচকীয়া বাহনৰ প্ৰৱেশ নিষিদ্ধ।
ত্ৰিবেণী সংগমত পুণ্য স্নানৰ পিছত ঘৰমুখী যাত্ৰা আৰম্ভ কৰা হেজাৰ হেজাৰ ভক্ত সম্প্ৰতি আৱদ্ধ হৈ পৰিছে প্ৰয়াগৰাজৰ বিভিন্ন ৰে’ল ষ্টেচনত। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভক্তসকলক সহযোগ কৰিবলৈ ৰে’লৱে কৰ্তৃপক্ষক আহ্বান জনোৱাৰ লগতে যাত্ৰীৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰিবলৈয়ো পৰিবহণ বিভাগক নিৰ্দেশ দিছে। প্ৰয়াগৰাজৰ বিভিন্ন ঠাইত আশ্ৰয় দিয়া হৈছে আন কেবা হাজাৰ ভক্তক। ভিৰ কমিলেহে এইসকল যাত্ৰীক শিবিৰৰ পৰা যাবলৈ দিয়া হ’ব। ইপিনে, বুধবাৰৰ পদপিষ্টৰ ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা কৰা হৈছে। পদপিষ্টৰ ঘটনাত কেবাজনো ভক্তই মুত্যুক সাৱটি লোৱাৰ লগতে এতিয়াও সন্ধানহীন হৈ আছে আন বহু লোক। কুম্ভমেলাথলীত সন্ধানহীন অসমৰ দুগৰাকী মহিলা। সন্ধানহীন বিশ্বনাথ চাৰিআলিৰ মঞ্জু দেৱী আগৰৱাল নামৰ মহিলাগৰাকী। নিখোজ হৈ আছে তিনিচুকীয়াৰ লীলা দেৱী নামৰ মহিলাগৰাকীও। প্ৰতিদিনে লাখ লাখ ভক্তৰ আগমন ঘটিছে মেলাথলীলৈ। বৃহস্পতিবাৰে ত্ৰিৱেণী সংগমত স্নান কৰিলে ৫৫ লাখৰো অধিক ভক্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...