৯০ ডিগ্ৰীৰ উৰণ সেতুৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ মধ্যপ্ৰদেশ চৰকাৰৰ!

মধ্যপ্ৰদেশ চৰকাৰে ৯০ ডিগ্ৰী এংগলৰ এখন উৰণ সেতুৰ ওপৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই প্ৰকল্পৰ সৈতে জড়িত দুজন মুখ্য ইঞ্জিনিয়াৰকে ধৰি মুঠ ৭জন ইঞ্জিনিয়াৰক নিলম্বন কৰিছে। ইয়াৰ উপৰিও, কৰ্তব্যত অৱহেলাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়া হৈছে বুলি প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

শনিবাৰে ৰাজ্য চৰকাৰে এই ৭জন ইঞ্জিনিয়াৰক নিলম্বন কৰা হয়। ৯০ ডিগ্ৰী উৰণ সেতুখনৰ বিষয়ে মুখ্যমন্ত্ৰী মোহন যাদৱে তেওঁৰ এক্স হেণ্ডলত লিখিছে, “এই উৰণ সেতু নিৰ্মাণত চৰম অৱহেলাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনা কেনেকৈ সংঘটিত হ’ল, তাৰ সম্পূৰ্ণ তদন্তৰ নিৰ্দেশ দিয়া হৈছে, আৰু ৭জন ইঞ্জিনিয়াৰক নিলম্বন কৰা হৈছে।” মুখ্যমন্ত্ৰীয়ে আৰু জনাইছে যে, নিৰ্মাণকাৰী সংস্থা আৰু উৰণ সেতুৰ নক্সা প্ৰস্তুত কৰা সংস্থাক ব্লেকলিষ্টেড কৰা হৈছে। ক’ত, কি ত্ৰুটি আছিল আৰু কাৰ অৱহেলাত এই ঘটনা সংঘটিত হ’ল, তাৰ খতিয়ানৰ বাবে এখন তদন্তকাৰী সমিতি গঠন কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে আৰু জনাইছে যে, উৰণ সেতুখন সঠিকভাৱে নিৰ্মাণ সম্পূৰ্ণ হ’লেই ইয়াৰ উদ্বোধন কৰা হ’ব। ১৮ কোটি টকা ব্যয়েৰে নিৰ্মিত এই উৰণ সেতুখনে মহামাই কা বাগ আৰু পুষ্পনগৰৰ মাজত যোগাযোগ সুগম কৰিবলৈ নিউ ভূপাল ষ্টেচনৰ নিকটৱৰ্তী এলেকাত নিৰ্মাণ কৰা হৈছে। উৰণ সেতুখন নিৰ্মাণৰ পিছতে ইয়াৰ এখন ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ৯০ ডিগ্ৰীৰ এংগলেৰে নিৰ্মিত এই উৰণ সেতুখনে দেশবাসীক স্তম্ভিত কৰি তুলিছে। উৰণ সেতুৰ এনে নক্সাৰ বাবে ব্যাপক চৰ্চা আৰু সমালোচনাৰ সৃষ্টি হৈছে। উৰণ সেতুখনৰ বিষয়ে নানা ধৰণৰ মিমো তৈয়াৰ হৈছে। চৰকাৰৰ কাম-কাজৰ বিষয়েও বিভিন্ন প্ৰশ্ন উত্থাপিত হৈছে। তাৰ পিছতেই ৰাজ্য চৰকাৰে উৰণ সেতুৰ বিষয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...