হিন্দু বিষয়ৰ স্নাতকোত্তৰ, কি কি থাকে পাঠ্যক্ৰম, কোনে কোনে পাব অধ্যয়নৰ সুবিধা?

বেনাৰস হিন্দু বিশ্ববিদ্যালত আৰম্ভ হ’ল হিন্দু বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম। ঐতিহ্যমণ্ডিত বেনাৰস হিন্দু বিশ্ববিদ্যালত আৰম্ভ হ’ল এম এ ইন হিন্দু ষ্টাডিজ। চলিত শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হৈছে হিন্দু ধৰ্মৰ পূৰ্ণ পৰ্যায়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম। এই পাঠ্যক্ৰমত ৪০গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিৰ সুবিধা লাভ কৰে। পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে সামৰিক সজ্জাৰ অধ্যয়ন, দেশৰ শত্ৰু আৰু মিত্ৰৰ সংজ্ঞা নিৰূপণৰ অধ্যয়ন। শত্রুক মোকাবিলা তথা মিত্ৰক উদগনি দিয়াৰ কৌশল বাখ্যাৰ লগতে বৈদিক সাহিত্যত সন্নিবিষ্ট সমৰ সজ্জাৰ ওপৰত কৰা হ’ব অধ্যয়ন। সামৰিক সজ্জাৰ অধ্যয়নো থাকিব পাঠ্যক্ৰমত। সমৰ সজ্জাত মহিলাৰ ভূমিকাৰো কৰা হ’ব অধ্যয়ন।

তাৰোপৰি, দুৰ্গ নিৰ্মাণ, আক্ৰমণৰ উচিত সময়ো অধ্যয়নৰ ব্যৱস্থা থাকিব। সংস্কৃত ভাষাৰ গ্ৰন্থ বশিষ্টৰ ধনুৰ্বেদ সমহিতা আৰু বৈশ্যমপায়নৰ নীতি প্ৰকাশিকা হ’ব পাঠ্যপুথি। পাঠ্যক্ৰমত থাকে ৯টা বাধ্যতামূলক বিষয় আৰু ৭টা ঐচ্ছিক বিষয়। দৰ্শন আৰু ধর্ম, সংস্কৃত, প্ৰাচীন বুৰঞ্জী তথা প্ৰত্নতত্ব কেন্দ্রৰ উদ্যোগত আৰম্ভ হৈছে এই নতুন পাঠ্যক্ৰম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...