বাঢ়িল পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ দাম! বৃদ্ধি পালে বিদ্যুতৰ মাচুলো

ক’ভিডকেন্দ্ৰিক পৰিস্থিতিয়ে অৰ্থনৈতিকভাৱে জুৰুলা কৰা অসমবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ ৰামটাঙোন চৰকাৰৰ। একেনিশাই ভিতৰতে সৰ্বসাধাৰণৰ বাজেটত লগালে আউল। অহা মাহত আপোনাৰ মাহেকীয়া বাজেটত আৰু অলপ টকা বঢ়াই লওক। বিদ্যুত মাচুলৰ পিছত এই‍বাৰ বাঢ়িল পেট্ৰ’পণ্যৰ দাম।

৪ মাহৰ মূৰত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। সোমবাৰে নিশাৰ পৰা কাৰ্যকৰী হৈছে পেট্ৰ’ল-ডিজেলৰ দাম। গুৱাহাটীত পেট্ৰ’ল বৃদ্ধি পালে ৮৮ পইচা। আনহাতে ডিজেলত বৃদ্ধি পালে ৬৯ পইচা। কেৱল পেট্ৰ’ল–ডিজেলেই নহয়, দাম বাঢ়িল ৰন্ধন গেছৰো। প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃদ্ধি পালে ৫০টকাকৈ।

সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি বিদ্যুতৰ মাচুল। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ। লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি। মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ। ৰাজহ ঘাটি পূৰণ কৰিবলৈ সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি বিদ্যুতৰ মাচুল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...