বাঢ়িল পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ দাম! বৃদ্ধি পালে বিদ্যুতৰ মাচুলো

ক’ভিডকেন্দ্ৰিক পৰিস্থিতিয়ে অৰ্থনৈতিকভাৱে জুৰুলা কৰা অসমবাসীৰ মূৰত পুনৰ মূল্যবৃদ্ধিৰ ৰামটাঙোন চৰকাৰৰ। একেনিশাই ভিতৰতে সৰ্বসাধাৰণৰ বাজেটত লগালে আউল। অহা মাহত আপোনাৰ মাহেকীয়া বাজেটত আৰু অলপ টকা বঢ়াই লওক। বিদ্যুত মাচুলৰ পিছত এই‍বাৰ বাঢ়িল পেট্ৰ’পণ্যৰ দাম।

৪ মাহৰ মূৰত দেশত পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ দাম। সোমবাৰে নিশাৰ পৰা কাৰ্যকৰী হৈছে পেট্ৰ’ল-ডিজেলৰ দাম। গুৱাহাটীত পেট্ৰ’ল বৃদ্ধি পালে ৮৮ পইচা। আনহাতে ডিজেলত বৃদ্ধি পালে ৬৯ পইচা। কেৱল পেট্ৰ’ল–ডিজেলেই নহয়, দাম বাঢ়িল ৰন্ধন গেছৰো। প্ৰতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত বৃদ্ধি পালে ৫০টকাকৈ।

সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি পালে বিদ্যুতৰ মাচুল। প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধি বিদ্যুতৰ মাচুল। ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন নিৰিখ। লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি। মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগৰ। ৰাজহ ঘাটি পূৰণ কৰিবলৈ সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি বিদ্যুতৰ মাচুল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...