বক্সিঙত পদক নিশ্চিত কৰিলে লাভলিনা-অভিনৱে

অলিম্পিক পদকজয়ী ভাৰত গৌৰৱ অসম কন্যা লাভলিনা বৰগোঁহায়ে ২০২৫ বৰ্ষটো ৰাষ্ট্ৰীয় ক্ৰীড়াত জন্মভূমিক পদক জয়ৰ সাফল্যৰে আৰম্ভনি কৰিলে৷ উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত আজি লাভলিনাই মহিলাৰ ৭৫ কিলোগ্ৰাম শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰি দেশৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখনত পদক লাভ কৰাটো নিশ্চিত কৰিছে৷ কোৱাৰ্টাৰ ফাইনেলত প্ৰত্যাশিতভাবে ৰাজ্যৰ প্ৰথম তথা একমাত্ৰ খেলৰত্ন সন্মান প্ৰাপ্যক ক্ৰীড়াবিদগৰাকীয়ে ৫-০ ৰ ব্যৱধানত স্থানীয় উত্তৰাখণ্ডৰ বক্সাৰক পৰাস্ত কৰে৷

ইফালে, লাভলিনাৰ সফলতাতকৈয়ো অসমৰ বাবে আশাৰ খবৰ হ’ল ৰাজ্যৰ নৱাগত বক্সাৰ অভিনৱ শইকীয়াই ছেমিফাইনেলত প্ৰৱেশ কৰি পদক নিশ্চিত কৰাটো৷ পুৰুষৰ ৭১ কিলোগ্ৰাম শাখাত খেলা অভিনৱে প্ৰথম ৰাউণ্ডৰ খেলত প্ত-ঙ্ম ত জয়লাভ কৰাৰ পাছত আজি কোৱাৰ্টাৰ ফাইনেতো উত্তৰাখণ্ডৰ প্ৰতিদ্বন্দ্বীক ৫-০ ত বিধ্বস্ত কৰে৷ উল্লেখ্য যে শিৱ থাপাৰ পাছত ৰাজ্যৰ প্ৰথম পুৰুষ বক্সাৰৰূপে ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক জয়ৰ গৌৰৱ অৰ্জন কৰিলে অভিনৱে৷ কেৰিয়াৰৰ প্ৰথম ৰাষ্ট্ৰীয় ক্ৰীড়াতে পদক জয় কৰাটো তেওঁৰ আন এক অনন্য সফলতা৷

ইফালে, অসমৰ দুই নৱাগত লনবল খেলুৱৈ বিতু দাস আৰু সুৰঞ্জনা বৰুৱায়ো কেৰিয়াৰৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়াতে ফাইনেলত প্ৰৱেশৰে চমক সৃষ্টি কৰিছে৷ উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ আজি লন বলৰ ছটা শাখাৰ ছেমিফাইনেল মেচ অনুষ্ঠিত হয়৷ ইয়াৰে তিনিখনত অসমে জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে তিনিখনত অসমৰ খেলুৱৈ পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰে৷ বিতু আৰু সুৰঞ্জনাৰ লগতে ফাইনেলত প্ৰৱেশ কৰে পুৰুষৰ ডাবলছত খেলা বিমান নাথ আৰু বিশ্বজিত খাউণ্ডে৷

উল্লেখ্য যে ছেমিফাইনেলত প্ৰৱেশৰে ইতিমধ্যে ছটা পদক নিশ্চিত কৰা অসমৰ খেলুৱৈসকলে আজি উৎসাহ আৰু আশাৰে খেলপথাৰত নামে যদিও পুৱা হোৱা তিনিখন ছেমিফাইনেলৰ দুখনতে ঝাৰখণ্ডৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে পৰাস্ত হয়৷ ইয়াৰ মহিলাৰ একক শাখাত কমনৱেলথ গেমছৰ স্বৰ্ণজয়ী নয়নমনি শইকীয়া তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত ২১-১৯ ৰ ব্যৱধানত পৰাস্ত হয়৷ আনহাতে, মহিলাৰ ফ’ৰ্ছত জিনা বৰুৱা, তৃষ্ণা গগৈ, পম্পি বৰুৱা আৰু কৰিনা পাটোৱাৰী যুঁজ অবিহনে ২০-৪ ৰ ব্যৱধানত পৰাজয়বৰণ কৰে৷ কিন্তু জ্যেষ্ঠ খেলুৱৈৰ এই বিফলতাৰ মাজতে চাপ নিয়ন্ত্ৰন কৰি ছোৱালীৰ ২৫ বছৰ অনূধ্বৰ্ শাখাত খেলা সুৰঞ্জনাই ২১-১০ ৰ ব্যৱধানত হাৰিয়ানাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশৰে অসমৰ শিবিৰলৈ নতুন আশা লৈ আনে৷

সুৰঞ্জনাৰ এই সফলতাই ভোজন বিৰতিৰ পাছত হোৱা বাকী তিনিখন ছেমিফাইনেলত অসমক মানসিকভাবে শক্তিশালী কৰে আৰু দুখন নকআউট গেমছত জয় অৰ্জন কৰিবলৈ সক্ষম হয়৷ ল’ৰাৰ ২৫ বছৰ অনূধ্বৰ্ শাখাত খেলা বিতুই বংগৰ প্ৰতিদ্বন্দ্বীক ২১-১৩ ৰ ব্যৱধানত পৰাস্ত কৰাৰ বিপৰীতে পুৰুষৰ ডাবলছত বিমান আৰু বিশ্বজিতে উত্তৰাখণ্ডৰ যুটিক ১৬-১৪ ৰ ব্যৱধানত হৰুৱায়৷ বিপৰীতে পুনৰ ঝাৰখণ্ডৰ হাতত ১৯-১৫ ৰ ব্যৱধানত পৰাস্ত হয় জয়ন্ত শৰ্মা, বিতুপন ৰাভা আৰু পুতুল সোণোৱালৰে গঠিত পুৰুষৰ ট্ৰিপলছ দলটো৷ কাইলৈ হ’বলগা তিনিখন ফাইনেলৰ দুখনতে অসমে ঝাৰখণ্ডৰ মুখামুখি হ’ব৷ বিতুই উত্তৰাখণ্ডৰ বিৰুদ্ধে খেলাৰ বিপৰীতে সুৰঞ্জনা তথা বিমান আৰু বিশ্বজিত যুটিয়ে ঝাৰখণ্ডৰ বিৰুদ্ধে স্বৰ্ণ জয়ৰ মেচত অৱতীৰ্ণ হ’ব৷

ইফালে, অপ্ৰত্যাশিতভাবে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত ব্যৰ্থতাৰ সন্মুখীন হ’ল অসম আৰ্চাৰী দল৷ গোৱাত তিনিটা সোণ আৰু সমসংখ্যক ৰূপ লাভ কৰা অসমৰ আৰ্চাৰে কাইলৈ দুটা ব্ৰঞ্জৰ বাবেহে খেলিব৷ ইণ্ডিয়ান ৰাউণ্ডৰ মহিলাৰ এককত টুটুমনি বড়ো তথা মিক্সড শাখাত অৰুন বড়ো আৰু নম্ৰতা বড়োৰ ওপৰতে নিৰ্ভৰ হ’ব যোৱা ৰাষ্ট্ৰীয় ক্ৰীড়াত ছটা পদক পোৱা আৰ্চাৰী দলে ব্ৰঞ্জ পাব নে খালী হাতে যাব৷ আজি হোৱা ৰিকাৰ্ভ, কম্পাউণ্ড আৰু ইণ্ডিয়ান ৰাউণ্ডৰ মেচত আৰম্ভনিৰ পৰাই পৰাজয়ৰ সন্মুখীন হয় অলিম্পিয়ান জয়ন্ত তালুকদাৰ তথা জুনিয়ৰ বিশ্ব চেম্পিয়ন বিশাল চাংমাইৰ দৰে খেলুৱৈৰে সমৃদ্ধ অসম আৰ্চাৰী দলে৷ ইফালে, যোৱা দুখন ৰাষ্ট্ৰীয় ক্ৰীড়াত অনন্য প্ৰদৰ্শন কৰা অসমৰ সাঁতোৰ দলেও এইবাৰ দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰে অভিযান সমাপ্ত কৰিলে৷

ৰাষ্ট্ৰীয় ক্ৰীড়াৰ কাইলৈ অসমবাসীৰ আশাৰ দৃষ্টি থাকিব কেৰালাৰ বিৰুদ্ধে ৰাজ্যৰ পুৰুষ ফুটবল দলে খেলিব লগা ছেমিফাইনেলত৷ ইফালে, বক্সিঙত কাইলৈ কোৱাৰ্টাৰ ফাইনেল খেলিব দুবাৰৰ অলিম্পিয়ান শিৱ থাপা আৰু জুনিয়ৰ বিশ্ব চেম্পিয়ন অংকুশিতা বড়োৰ লগতে নৱাগতা আইকন মিলি তথা আৰতি দলে৷ জয়লাভ কৰিলেই ৰাজ্যৰ পদক নিশ্চিত হ’ব৷ একেদৰে চাইক্লিষ্ট চয়নিকা গগৈয়ে দ্বিতীয়টো পদকৰ লক্ষ্যৰে খেলিব৷

Popular

More like this
Related

কোনে দখল কৰিব দিল্লীৰ শাসনৰ বাঘজৰী?

আজি অনুষ্ঠিত হৈছে দিল্লী বিধানসভাৰ নিৰ্বাচন। বিধানসভাৰ ৭০খন আসনৰ...

আৰক্ষীৰ বেহু ফালি পলায়ন কৰিলে আচামীয়ে

মঙলদৈত আচামী আগে আগে আৰক্ষী পিছে পিছে। আৰক্ষীৰ বেহু...

অৱশেষত গ্ৰেপ্তাৰ নীলা ছবি নিৰ্মাণৰ পৰিকল্পনা ৰছা ৫ অভিযুক্ত

অৱশেষত গ্ৰেপ্তাৰ নীলা ছবি নিৰ্মাণৰ পৰিকল্পনা ৰছা ৫ অভিযুক্ত।...

দক্ষিণ কামৰূপৰ বৰকুছিত তীব্ৰবেগী বাছৰ খুন্দাত নিহত যুৱক

কথা আছিল এখন সুখৰ সংসাৰ কৰাৰ! কথা আছিল বিবাহপাশত...