ভয়াৱহ বনজুইৰ কবলত আমেৰিকাৰ লছ এঞ্জেলছ

বুধবাৰে নিশাৰে পৰা অধিক ভয়াৱহ ৰূপ লৈছে আমেৰিকাৰ লছ এঞ্জেলছৰ বন জুয়ে। ইটোৰ পিছত সিটো অঞ্চলটো সম্প্ৰসাৰিত হৈছে এই বনজুই। বৰ্তমানলৈকে অঞ্চলটোৰ ২ হাজাৰৰো অধিক আবাসিক অট্টালিকা জুইত জাহ যোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে ৫জনকৈ লোকে। বনজুইত প্ৰভাৱত ক্ষতিগ্ৰস্ত হৈছে আন কেইবাহাজাৰ লোক। স্থানীয় প্ৰশাসনে দিনে–নিশাই উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে বনজুইৰ দ্বাৰা প্ৰভাৱিত কেলিৰ্ফনিয়াকে ধৰি একাধিক চহৰত। বুধবাৰে নিশা বনজুইয়ে গ্ৰাস কৰে হলিউড হিল। লছ এঞ্জেলছৰ সৰ্বাধিক জনপ্ৰিয় আৰু ঐতিহ্যৰ সাক্ষী স্বৰূপ হলিউড হিলক ৰক্ষা কৰাৰ বাবে দিনে–নিশাই অব্যাহত আছে অভিযান। হলিউড হিলৰ লগতে বনজুয়ে ভাবুকিৰ সৃষ্টি কৰিছে টি চি এল চাইনীজ থিয়েটাৰ আৰু মেডাৰ টুছৰ মিউজিয়ামৰ প্ৰতিও। ৩ দিন পূৰ্বে আৰম্ভ হোৱা লছ এঞ্জেলছৰ পাহাৰীয়া অঞ্চলৰ এই বন জুই নিয়ন্ত্ৰণৰ বাবে ব্যাপক অভিযান অব্যাহত ৰাখিছে স্থানীয় প্ৰশাসনে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পৰা বৰ্তমানলৈকে ২ লক্ষাধিক লোকক নিৰাপদ ঠাইলৈ স্থানান্তৰিত কৰা হৈছে। দিনে নিশাই উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে বনজুই নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা হৈছে স্থানীয় অগ্নি নিৰ্বাপক বাহিনী। আমেৰিকাৰ আন ঠাইৰ পৰাও উদ্ধাৰকাৰী দল আৰু অগ্নি নিৰ্বাপক বাহিনী প্ৰেৰণ কৰা হৈছে ক্ষতিগ্ৰস্ত অঞ্চললৈ। ইতিমধ্যে সমগ্ৰ অঞ্চলটোত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে। লছ এঞ্জেলছৰ পাহাৰীয়া অঞ্চলৰ পৰা এই ভয়াৱহ বন জুই চহৰ অঞ্চললৈ বিয়পি পৰাত আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দাসকল। যিকোনো মুহূৰ্ততে অঞ্চলটোৰ আন কেইবাশ আবাসিক অট্টালিকালৈ জুই বিয়পি পৰাৰ সম্ভাৱনা দেখা দিছে। ছাণ্টা মনিকা আৰু মালিবুৰ অঞ্চলৰ উপৰি আন ৪ ঠাইত পৃথকভাৱে বন জুইৰ সূত্ৰপাত ঘটাত পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰাণ ৰক্ষাৰ বাবে ইতিমধ্যে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা কেইবাহাজাৰ লোকে ঘৰ–দুৱাৰ এৰি পলায়ন কৰিবলৈ বাধ্য হৈছে। অগ্নিকাণ্ডত ভস্মীভূত হয় বহু সংখ্যক যান–বাহনো। লছ এঞ্জেলছৰ ইতিহাসত সবাতোকৈ ভয়ংকৰ ৰূপে বিবেচিত হোৱা এই বনজুইৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় বিচাৰি হাবাথুৰি খাইছে মাৰ্কিন প্ৰশাসনো। ৰাষ্ট্ৰপতি জ’ বাইডেনে ইটালী ভ্ৰমণ বাতিল কৰি বন জুই নিয়ন্ত্ৰণৰ বাবে নিৰ্দেশনা দিয়াৰ লগতে পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। যোৱা ৩ দিন ধৰি অব্যাহত থকা বন জুইৰ ফলত লছ এঞ্জেলছৰ আকাশ সম্পূৰ্ণৰূপে ঢাকি ধৰিছে ক’লা ধোৱাই। ইয়াৰ ফলত কাষৰীয়া অঞ্চলৰ বাসিন্দাসকলো বিভিন্ন শ্বাসজনিত ৰোগত আক্ৰান্ত হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...