লিভ-ইন পাৰ্টনাৰে হত্যা কৰিলে মহিলাক

লিভ-ইন পাৰ্টনাৰে হত্যা কৰিলে মহিলাক। চাঞ্চল্যকৰ হত্যাকাণ্ডই পুনৰ জোকাৰিছে দেশ। মহিলাগৰাকীক হত্যা কৰি বস্তাত ভৰাই থৈ দিয়া হৈছিল জাবৰভৰ্তি ট্ৰাকত। তাৰ পিছতেই উদ্ধাৰ কৰা হয় মহিলাগৰাকীৰ মৃতদেহ। বাংগালুৰুত সংঘটিত হৈছে এই ঘটনা। মহম্মদ ছামছুদ্দিন নামৰ নৰাধমটোৱে হত্যা কৰে মহিলাগৰাকীক। অভিযুক্ত ছামছুদ্দিনৰ ঘৰ অসমত।

সংবাদ মাধ্যমত প্ৰচাৰিত খবৰ অনুসৰি ৪০ বছৰীয়া মহিলাগৰাকীৰ স’তে ডেৰ বছৰ ধৰি একেলগে আছিল ছামছুদ্দিন। ছামছুদ্দিনৰ পত্নী আৰু সন্তান থাকে অসমত। দক্ষিণ বাংগালুৰুৰ হুলিমাভু অঞ্চলৰ এটা ভাৰাঘৰত আছিল দুয়ো। বিবাহিত মহিলাগৰাকীৰো আছে দুটা সন্তান। ইতিমধ্যে মৃত্যু হৈছে মহিলাগৰাকীৰ স্বামীৰ। CCTVৰ ফুটেজ পৰীক্ষা কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...