ক’ভিড আক্ৰান্তৰ তালিকাত শীৰ্ষত কোন কোন জিলা?

গুৱাহাটী, ২৯ জুন, NKTV: সোমবাৰে অসমত ক’ভিডত নতুনকৈ আক্ৰান্ত হ’ল ২,৬৮৯ গৰাকী লোক ইয়াৰ সমান্তৰালভাৱে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হ’ল মুঠ ৪২ গৰাকী লোকৰ। বৰ্তমান ৰাজ্যত ক’ভিড আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ২৫,০৪৩ গৰাকী। সোমবাৰৰ দিনটোত ৰাজ্যত মুঠ পজিটিভিটিৰ হাৰ ২.০১ শতাংশ। কালিৰ দিনটোতেই মুঠ ৩,৩৯৪ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ উভতিল। ৰাজ্যত সৰ্বাধিক কৰ’না আক্ৰান্ত ৰোগী থকা জিলা কেইখনৰ ভিতৰত শীৰ্ষত আছে গোলাঘাট (২৭৮), দ্বিতীয় স্থানত আছে শোণিতপুৰ (২২৮), তৃতীয় স্থানত যোৰহাট (১৭৮) আৰু চতুৰ্থ স্থান দখল কৰিছে কামৰূপ মেট্ৰ’ জিলাই (১৬৪)। ৰাজ্যত মৃত্যু বৰণ কৰা লোকৰ শতকৰা হাৰ ০.৮৯ শতাংশৰে মৃতলোকৰ সংখ্য়া ৪,৪৮২ লৈ বৃদ্ধি পাইছে। আনহাতে ক’ভিডত আৰোগ্য লাভ কৰা লোকৰ শতকৰা হাৰ ৯৩.৮৭ শতাংশৰে সুস্থ হৈ উঠিল মুঠ ৪,৭২,৪৬১ গৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...