ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আজিৰ পৰাই গঢ়ি তোলক

বৰ্তমান সময়ৰ প্ৰতিগৰাকী লোকেই স্বাস্থ্য সচেতন। স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত প্ৰতিজন লোককে গুৰুত্ব দিয়া দেখা যায়। আপুনিও হয়তো সুস্থ-সবল হৈ থাকিবলৈ বিভিন্ন পন্থা অৱলম্বন কৰে। কিন্তু আপুনি বাৰু জানেনে খোজ কাঢ়িও যে আমি সুস্থ হৈ থাকিব পাৰো। ব্যস্ততাপূৰ্ণ জীৱনত সুস্থ সবল হৈ থাকিবলৈ খোজ কঢ়াটো অতি গুৰুত্বপূৰ্ণ। এই খোজ কঢ়াৰো আছে বহু উপকাৰিতা। কিন্তু খোজ কাঢ়িলেনো আমাৰ কি কি লাভালাভ হয় জানো আহকচোন।

১) দৈনিক খোজ কাাঢ়িলে আমাৰ শৰীৰত ৰক্ত সঞ্চালন বৃদ্ধি পায়। এই ৰক্ত সঞ্চালন পোৱাৰ ফলত শৰীৰত অক্সিজেন সঠিকভাৱে প্ৰবাহিত হয়। যাৰ ফলত আমাৰ ছালৰ উজ্জ্বলতা

২) খোজ কঢ়াৰ ফলত আমাৰ চুলি সুন্দৰ, উজ্জ্বল আৰু মজবুত হৈ উঠে। লগতে পুৱাৰ সূৰ্যৰ কিৰণৰ পৰা লাভ কৰা ভিটামিন ডিৰ গুণাগুণে চুলি বৃদ্ধি পোৱাত সহায় কৰে।

৩) পুৱাৰ ৰ’দৰ কিৰণ ছালৰ বাবে অতি উপকাৰী। ইয়াত মজুত থকা ভিটামিন Dয়ে শৰীৰৰ ৫০ শতাংশ বেক্টেৰিয়া নিৰ্মূল কৰে আৰু আমাৰ ছাল স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনে।

৪)খোজ কাঢ়িলে অনিদ্ৰাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। খোজ কাঢ়িলে আমাৰ শৰীৰটোৱে অৱশ অনুভৱ কৰি শৰীৰটোক জিৰণিৰ প্ৰয়োজন হয়। যাৰ ফলত শৰীৰটোৱে নিদ্ৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে ।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...