চেতনা দাস, প্ৰণয় বৰদলৈক লিঅ’ এক্সপ’ সন্মান প্ৰদান

ৰাজ্যৰ জনপ্ৰিয় শিল্পী চেতনা দাস আৰু জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈক দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লিঅ’ এক্সপ’ সন্মান, ২০২২ প্ৰদান কৰে। উদ্যোগ-বাণিজ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই হাস্যৰসেৰে সুদীৰ্ঘ কাল ৰাজ্যবাসীক হহুৱাই অহা শিল্পী চেতনা দাসক ‘লিঅ’ এক্সপ’ শিল্পী সন্মান’ প্ৰদান কৰে। আনহাতে, ৰাজ্যৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী উন্নয়ন মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে সাংবাদিক প্ৰণয় বৰদলৈক ‘লিঅ’ এক্সপ’ সাংবাদিক সন্মান হিচাপে বঁটা প্ৰদান কৰে। ভাষণ প্ৰসংগত দুয়োগৰাকী মন্ত্ৰীয়ে চেতনা দাস আৰু প্ৰণয় বৰদলৈৰ কৰ্মৰাজিৰ প্ৰশংসা কৰাৰ লগতে Leo advertisingৰ প্ৰচেষ্টাৰ শলাগ লয়। বঁটা হিচাপে দুয়ো গৰাকী ব্যক্তিকে ফুলাম গামোচা, চেলেং চাদৰ, মানপত্ৰৰ লগতে ১ লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে।

এই অনুষ্ঠানত ৰাজ্যিক তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপ, বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী, শিল্পী মণীষা হাজৰিকা জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে বক্তব্য দাঙি ধৰি Leo Advertisingৰ প্ৰয়াসক উচ্চ প্ৰশংসা কৰে। Leo Advertisingৰ বিষয়ববীয়া পাৰভেজ খান আৰু আকবৰ খানেও অনুষ্ঠানত অংশগ্ৰহণ কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...