গৰমৰ পৰা হাত সাৰিবলৈ কোট পৰিধানৰ পৰা অধিবক্তাসকলক ৰেহাই

গৰমৰ পৰা আইনজীৱীসকলক সকাহ দিবলৈ পোছাকবিধি কিছু শিথিল কৰাৰ সিদ্ধান্ত লৈছে দিল্লী বাৰ এছ’চিয়েশ্যনে (ডিবিএ)। বিগত ২৪ মে’ত জাৰি কৰা এখন বিজ্ঞপ্তিত জনোৱা হৈছে যে, আগন্তুক ৩০ ছেপ্টেম্বৰলৈকে ডিবিএৰ সদস্যসকলে ক’লা কোট পৰিধান নকৰিলেও হ’ব।

‘এডভ’কেটছ এক্ট, ১৯৬১’ অনুসৰি, আদালতত পুৰুষ আৰু মহিলা আইনজীৱীসকলে ডিঙি বন্ধ কৰা বগা কলাৰ, টাই, দীঘলীয়া হাতৰ বগা পোছাক পৰিধান কৰাটো বাধ্যতামূলক। কিন্তু দিল্লীৰ তীব্ৰ গৰমত এই মজবুত পোছাক পৰিধান কৰি বহু আইনজীৱীয়ে অসুবিধাৰ সন্মুখীন হৈছে। ডিবিএয়ে জনোৱা মতে, জিলা বা সত্ৰ আদালতৰ আইনজীৱীসকলেও পোছাকবিধিৰ ক্ষেত্ৰত এই অস্থায়ী ৰেহাই পাব। তথাপি, পোছাকবিধিৰ অন্য নিয়মসমূহ পূৰ্বৰ দৰেই মানি চলিবলৈ আইনজীৱীসকলক নিৰ্দেশ দিয়া হৈছে।

এই সিদ্ধান্তক বহু আইনজীৱীয়ে স্বাগত জনাইছে। ছাকেত বাৰ এছ’চিয়েশ্যনৰ সম্পাদক ধীৰ সিং কাছানাই কয়, “এয়া এটা অতি ভাল পদক্ষেপ। জুন মাহত তীব্ৰ গৰম পৰে। পোছাকবিধিৰ ক্ষেত্ৰত এই ৰেহাইৰ ব্যৱস্থা উত্তৰ ভাৰতৰ সকলো বাৰ এছ’চিয়েশ্যন আৰু কাউন্সিলে গ্ৰহণ কৰা উচিত।” দিল্লী হাইক’ৰ্টৰ এগৰাকী আইনজীৱীয়ে জনোৱা মতে, দেশৰ বহু নিম্ন আদালতত শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থা নাই। সেয়েহে দিল্লী বাৰ এছ’চিয়েশ্যনৰ এই সিদ্ধান্তই আইনজীৱীসকলক সকাহ দিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...