বিয়াৰ পূৰ্বে বিকি-কেটৰীনাৰ বিৰুদ্ধে কোনে, কিয় ৰুজু কৰিলে গোচৰ?

জনপ্ৰিয় অভিনেতা বিকি কৌশল আৰু মোহময়ী অভিনেত্ৰী কেটৰীণা কাঈফৰ বিয়াক লৈ চলিছে পূৰ্ণ ব্যস্ততা। অহা ৯ ডিচেম্বৰত ৰাজস্থানত বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু অতি জনপ্ৰিয় তাৰকা কেটৰীণা কাইফ আৰু বিকি কৌশল। ধুম-ধামেৰে চলিছে বিয়াৰ প্ৰস্তুতি। মাজনিশাই বিকি-কেটৰিনাই পৰিয়ালৰ সৈতে উপস্থিত হৈছেগৈ বিবাহৰ গন্তব্যস্থান চেঞ্চিছ ফৰ্টত।

পিছে ইয়াৰ মাজতে আহিল এক বেয়া খবৰ। কিয়নো অভিনেতা-অভিনেত্ৰী দুগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। এফালে বিয়াক লৈ দুয়োৰে প্ৰস্তুতি, আনফালে গোচৰ ৰুজু হৈছে তাৰকা দুগৰাকীৰ বিৰুদ্ধে। ৰাজস্থানৰ নেত্ৰবিন্দু সিং জৌদান নামৰ এজন অধিবক্তাই দুয়োৰে বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

বিকি আৰু কেটৰীণাৰ বিয়াৰ বাবে ৬ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে চৌথা মন্দিৰৰ সমীপৰ পথ বন্ধ কৰি দিয়াক লৈ তাৰকা দুগৰাকীৰ লগতে ছিক্স ছেঞ্চ ফৰ্ট বড়ৱাৰাৰ হোটেলৰ মেনেজাৰৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। জিলা সংগ্ৰাহকৰ হস্তক্ষেপত ৬ৰ পৰা ১২ ডিচেম্বৰলৈকে বন্ধ কৰি দিয়া হয় মন্দিৰৰ দিশে অহা-যোৱা কৰা পথ। যাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে মন্দিৰৰ ভক্ত। ইয়াকে লৈ এজন অধিবক্তাই ৰুজু কৰে গোচৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...