কি পৰ্যায়ত উমৰাংছুৰ কয়লাখনিৰ উদ্ধাৰ অভিযান?

উমৰাংছুৰ কয়লাখনিৰ ঘটনাই জোকাৰিছে ৰাজ্য। কয়লাখনিটোত আবদ্ধ হৈ থকা ৩ শ্ৰমিকৰ মৃত্যু। বৰ্তমানেও জন শ্ৰমিক খনিটোত আবদ্ধ হৈ থকাৰ সন্দেহ। SDRF, NDRF, সেনাৰ অভিযান অব্যাহত। নিশাৰ পৰা অভিযান চলি আছে খনিটোত। ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াও উপস্থিত। ৩০০ ফুট দ’ কয়লাখনিটোত পানী সোমোৱাত আবদ্ধ হয় শ্ৰমিক। প্ৰায় ১০০ ফুট গভীৰতালৈ সোমাল পানী। উমৰাংছু থানাৰ পৰা ২০ কিলোমিটাৰ নিলগত এই কয়লাখনি। খনিটোত আবদ্ধ হৈ আছে দলগাঁৱৰ ৩ শ্ৰমিক। আবদ্ধ মুস্তাফা শ্বেখ, হুছেইন আলী। আবদ্ধ হৈ আছে জাকিৰ হুছেইন। কোকৰাঝাৰৰ সৰ্পা বৰ্মন, খুচি মোহন ৰায় নামৰ দুজন শ্ৰমিকো আবদ্ধ। শোণিতপুৰৰ শৰৎ গয়াৰী, ডিমা হাচাওৰ লিজান মগৰো আবদ্ধ। পশ্চিমবংগ আৰু নেপালৰো শ্ৰমিক আছে খনিটোত। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী কৌশিক ৰায়ৰ। পানীত ওপঙি থকা মৃতদেহ ৩টা উদ্ধাৰৰ চেষ্টা। আন কেইবাজনো শ্ৰমিকৰ মৃত্যুৰ আশংকা কয়লাখনিটোত। NDRFএ খনিত নামি অভিযান চলাই যদিও উদ্ধাৰ কৰিব পৰা নাই শ্ৰমিকক। গভীৰতালৈ যাব পৰা নাই অভিযানকাৰী দল। বিশেষ ডুবাৰু ঘটনাস্থলীলৈ ৰাওনা বিশাখাপট্টনমৰ পৰা। নৌসেনাৰ বিশেষজ্ঞ ডুবাৰুৱে অভিযান চলাব কয়লাখনিত। উমৰাংছুৰ তিনিকিলো নামৰ ঠাইখনত এই ঘটনা। ঘটনা সংঘটিত হোৱা কয়লাখনিটোৰ নম্বৰ ১৯। কয়লাখনিটোত মুঠ কিমান লোক আবদ্ধ হৈ আছে তাৰ নাই প্ৰকৃত তথ্য। কয়লাখনিটোৰ চোৱাচিতাৰ দায়িত্বত থকা লোকজন পলায়ন কৰাত পোৱা নাই তথ্য। প্ৰায় ২০ জন লোকৰ ৯ জন লোক আবদ্ধ হৈ থকা বুলি সন্দেহ অঞ্চলবাসীৰ। সোমবাৰে পুৱা ৪ বজাত কয়লা খনিত সোমাইছিল শ্ৰমিকসকল। পুৱা ৬ বজাতে পানী সোমাইছিল খনিত। ৰছীৰে ১০জন লোক ওলাই আহিছিল বাহিৰলৈ।

আনফালে এই ঘটনা সন্দৰ্ভত তৎপৰ অসম আৰক্ষী। কয়লাখনিৰ ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ। পুনিচ নুনিছা নামৰ এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ। ঘটনা সংক্ৰান্তত উমৰাংছ’ থানাত গোচৰ ৰুজু। 02/2025 নম্বৰত গোচৰ ৰুজু। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত জনালে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...