একপক্ষীয় প্ৰেমৰ জিঘাংসাৰ বলি হ’ল নেকি মায়া?

গুৱাহাটীৰ মেধাবী ছাত্ৰী, প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনীয়েক প্ৰয়াত মায়া গগৈ। বিগত ২৬ নৱেম্বৰত বাংগালুৰুৰ এটা ছাৰ্ভিচ এপাৰ্টমেন্টত উদ্ধাৰ হৈছিল মায়া গগৈৰ ক্ষত বিক্ষত মৃতদেহ। এপাৰ্টমেন্টৰ CC কেমেৰা পৰীক্ষা কৰি, কৰ্মচাৰীক সোধা পোচা কৰি বাংগালুৰু আৰক্ষী নিশ্চিত হৈছিল কেৰালাৰ প্ৰেমিক অৰৱ হাৰ্নিয়ে হত্যা কৰিছে মায়াক। নিহত মায়া গগৈ অসমৰ যুৱতী বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ৰাষ্ট্ৰ হোৱাৰ পিছত যুৱতীগৰাকীৰ পৰিচয়ক লৈ সৃষ্টি হৈছিল বিভ্ৰান্তিৰ। অসমৰ ডিব্ৰুগড়ত ওলাইছিল জীৱিত মায়া গগৈ। চেহেৰাৰ মিল আৰু ফেচবুকৰ ফটো বিভ্ৰান্তিৰ বাবে ডিব্ৰুগড়ৰ মায়া গগৈকে বহুতে বাংগালুৰুত নৃশংস হত্যাৰ বলি মায়া গগৈ বুলি ভাবি লৈছিল। কিন্তু শেহতীয়াকৈ নিশ্চিত হৈছে বাংগালুৰুত নিহত মায়া গগৈ আছিল গুৱাহাটীৰ। প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনীয়েক আছিল মায়া। গুৱাহাটীত ডাঙৰ দীঘল হোৱা মায়া আছিল সন্দিকৈ কলেজৰ ছাত্ৰী। মেধাবী মায়াই ৫টাকৈ বিষয়ত লেটাৰসহ উত্তীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিকত। ৪ বছৰ পূৰ্বে মাতৃৰ বিয়োগৰ পিছত জ্যেষ্ঠ ভগ্নীৰ সৈতে বাংগালুৰুতে থিতাপি লোৱা মায়াই পৰীক্ষাৰ সময়ত গুৱাহাটীলৈ আহিছিল। ডিচেম্বৰত গুৱাহাটীৰ ঘৰলৈ অহাৰ কথা আছিল। শেহতীয়াকৈ এটা কৰ্প’ৰেট গোষ্ঠীত চাকৰিও পাইছিল। চাকৰিটো পাই উৎফুল্লিত হৈ পৰিছিল মায়া। কিন্তু প্ৰথম মাহৰ দৰমহা পোৱাৰ সৌভাগ্যই নহ’ল মায়াৰ।

মায়া হত্যাকাণ্ড সন্দৰ্ভত গুৱাহাটীস্থ পৰিয়ালৰ বিস্ফোৰক অভিযোগ। একপক্ষীয় প্ৰেমৰ জিঘাংসাৰ বলি হ’ল মায়া। আৰক্ষীয়ে ঘাতক বুলি দাবী কৰা কেৰালাৰ অৰৱ হাৰ্নি ভাল বন্ধুহে আছিল হেনো মায়াৰ। কিন্তু একপক্ষীভাৱে মায়াক ভাল পাই থকা অৰৱ হাৰ্নিৰ প্ৰস্তাৱত সন্মতি নিদিয়াই কাল হ’ল মায়াৰ।

ৰুমমেট তথা বন্ধু অৰৱৰ নৃশংস হত্যাৰ বলি হৈছিল গুৱাহাটীৰ মায়া গগৈ। চোকা চুৰীৰে বুকুত হানি-খুঁচি অৰৱে হত্যা কৰিছিল মায়াক। অনলাইনযোগে অৰ্ডাৰ দিছিল হত্যাত ব্যৱহৃত চুৰীখন। ২৩ নৱেম্বৰত এপাৰ্টমেন্টটোলৈ গৈছিল দুয়ো। ২৪ নৱেম্বৰত মায়াক হত্যা কৰিছিল অৰৱে। দুদিন মৃতদেহৰ সৈতে সহবাস কৰাৰ পিছত পলায়ন কৰিছিল অভিযুক্তই। ২৬ নৱেম্বৰত এপাৰ্টমেন্টটোত উদ্ধাৰ হৈছিল মায়া গগৈৰ ক্ষত বিক্ষত মৃতদেহ। এই লোমহৰ্ষক হত্যাৰ খবৰ ৰাজহুৱা হোৱাৰ পিছত বাংগালুৰুত উপস্থিত হৈ মায়াৰ মৃতদেহ দেখি ভাগি পৰিল জ্যেষ্ঠ ভগ্নী। পৰিয়ালৰ একাংশ লোক আৰু বন্ধু-বৰ্গৰ উপস্থিতিত বাংগালুৰুতে সম্পন্ন হ’ল মায়াৰ শেষকৃত্য। ইপিনে শুকুৰবাৰে বাংগালুৰুৰ ইন্দিৰানগৰ আৰক্ষীয়ে আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে অভিযুক্ত অৰৱ হাৰ্নিক। হত্যাৰ উদ্দেশ্য সন্দৰ্ভত অৰৱ হাৰ্নিক মাৰাথান জেৰা কৰিছে বাংগালুৰু আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...