অসমত আৰু আধাৰ কাৰ্ডৰ অন্তৰায় নহয় NRC

অসমত আৰু আধাৰ কাৰ্ডৰ অন্তৰায় নহয় NRC। ৯ লাখ ৩৫হাজাৰ ৬৮২গৰাকী লোকলৈ বৃহৎ‍ সকাহ। ১৫ দিনৰ ভিতৰত বন্ধ হৈ থকা আধাৰ কাৰ্ড পাব আবেদনকাৰীয়ে। আধাৰ কাৰ্ডৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কেন্দ্ৰীয় চৰকাৰৰ।

বুধবাৰে সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ লক্ষ লক্ষ লোকৰ আশংকা আঁতৰাই এই গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত NRCৰ উন্নীতকৰণৰ সময়ৰ পৰাই ওলমি লৈছিল ৰাজ্যৰ একাংশ লোকৰ আধাৰকাৰ্ড লাভৰ প্ৰক্ৰিয়া। ২০১৯ৰ ফেব্ৰুৱাৰীৰ পৰা বন্ধ আছিল ৯,৩৫,৬৮২গৰাকীলোকৰ আধাৰ কাৰ্ড। NRCৰ বায়’মেট্ৰিক দিয়াৰ পৰাই বন্ধ হৈ আছিল আধাৰ কাৰ্ড। ফলত এইসকল লোকৰ বিলায় বিপত্তি নোহোৱা হৈছিল। আধাৰ কাৰ্ড নথকাৰ বাবেই তেওঁলোকে লাভ কৰা নাছিল কোনো চৰকাৰী আঁচনিৰ সুবিধা। পিতৃ–মাতৃৰ আধাৰ কাৰ্ড নথকাৰ বাবে বহু শিশুৰ বিদ্যালয়ত হোৱা নাছিল নামভৰ্তি। আধাৰ কাৰ্ড নথকাত বহু ব্যক্তিগত প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি হোৱা নাছিল। লাখ লাখ লোকে এনে অসংখ্য আহুকালৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত বিষয়টো গুৰুত্ব সহকাৰে লৈছিল ৰাজ্য চৰকাৰে। তাৰ পিছতে কেবিনেট ছাব কমিটীয়ে ৰাজ্যৰ প্ৰায়বোৰ সংগঠনৰ সৈতে কৰিছিল আলোচনা। সেই আলোচনা মৰ্মে এইসকল লোকৰ আধাৰ কাৰ্ডৰে NRCৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই বুলি হৈছিল সিদ্ধান্ত। NRCত নাম থকা লোকেও বঞ্চিত হৈছিল আধাৰ কাৰ্ড লাভৰ পৰা। অৱশেষত অসম চৰকাৰে কেন্দ্ৰক ২৯ জুলাইত আধাৰ কাৰ্ড মুকলিৰ বাবে কৰিছিল আবেদন। ৰাজ্য চৰকাৰৰ সেই আবেদনৰ ভিত্তিতে মঙলবাৰে আধাৰ কাৰ্ড মুকলিৰ নিৰ্দেশ দিয়ে কেন্দ্ৰই। ভাৰত চৰকাৰে UIDAIক এইসকল লোকক আধাৰ কাৰ্ড প্ৰদানৰ নিৰ্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰৰ কৰাৰ লগে লগে এতিয়া আবেদন কৰাৰ ১৫ দিনৰ ভিতৰতে আবেদনকাৰীয়ে আধাৰকাৰ্ড লাভ কৰিব।মঙলবাৰে সংবাদমেল যোগে মুখ্যমন্ত্ৰীয়ে কৰা এই ঘোষণাই যথেষ্ট সকাহ দিছে দীৰ্ঘদিনে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা ৰাজ্যৰ ৯লক্ষাধিক লোকক।

Popular

More like this
Related

২ সেনা বিষয়াক নৃশংস আক্রমণ

মধ্যপ্রদেশৰ ইন্দোৰ জিলাত মহু শীৰ্ষক নগৰখন প্ৰখ্যাত তাত থকা...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন লাভ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন লাভ। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে...

মাৰাত্মক গুটখাই জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি কৰিছে তীব্ৰ ভাবুকি

প্ৰতিদিনে কোটি কোটি টকা ব্যয় কৰি বিজ্ঞাপনৰ জৰিয়তে সাধাৰণ...

পাণ দোকানীৰ পৰা কোটিপতি হোৱা মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰ

ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আনটো বৃহৎ ট্ৰেডিং কেলেংকাৰি।...