আৰক্ষীৰ বহুদিনীয়া অভিযানৰ পিছতো নোলাল সন্ধান

ঘূৰি আহিবনে ৰমেন বৰুৱা? নে কেতিয়াও ঘূৰি নহা বাটেৰে কৰ’বালৈ চিৰদিনৰ বাবে গুছি গ’ল ৰমেন বৰুৱা? গুৱাহাটীৰ লতাশিলত থকা ঐতিহ্যমণ্ডিত ১০০ বছৰীয়া ঘৰটোত এতিয়া মৰিশালীৰ নিস্তব্ধতা। ৰমেন বৰুৱা হেৰাই যোৱাৰ ২৩ নম্বৰ দিনটোত ঘৰটোত উপস্থিত হ’লগৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৰুৱা পৰিয়ালৰ সৈতে প্ৰায় আধাঘন্টাৰ বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ।

বিগত জুলাই মাহৰ ২২ তাৰিখ সোমবাৰে পুৱা প্ৰায় ১০ বজাতে ঘৰৰ পৰা ওলাই গৈছিল ৰমেন বৰুৱা। সেই যে ওলাই গ’ল, ৰমেন বৰুৱা আৰু ঘূৰি নাহিল। তাৰ পিছত বহুদিন ধৰি SDRF, NDRF আৰু নদী আৰক্ষীৰ সহযোগত ৰমেন বৰুৱাৰ সন্ধানত অভিযান চলালে গুৱাহাটী আৰক্ষীয়ে। কিন্তু ৰমেন বৰুৱাৰ সন্ধান নোলাল। আৰক্ষীয়ে ক’লে- কিবা কথাত মনত আঘাত পাই ওলাই গ’ল ৰমেন বৰুৱা। সম্ভৱতঃ পৰিয়ালৰ সৈতে কিবা সংঘাত হৈছিল। সংগীত শিল্পীগৰাকী নিখোঁজ হোৱা সন্দৰ্ভত পৰিয়ালৰ লোককো সোধা-পোচা কৰিছিল গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই।

মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ পিছত দীপেন বৰুৱাই পুনৰ ক’লে- কিবা কথাত আঘাত পায়েই আঁতৰি গ’ল দাদা। ২৩ দিনে মানুহজনৰ সন্ধান নোলোৱাত বহুতৰে সন্দেহ কৰ’বাত আত্মগোপন কৰিলে নেকি ৰমেন দাই?

প্ৰায় আধাঘন্টা ধৰি বৰুৱা পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰি সাংবাদিকৰ সন্মুখত নষ্টালজিক হৈ পৰিল মুখ্যমন্ত্ৰী। ৰমেন বৰুৱা নিখোঁজ হৈ থকাৰ ২৩ দিনৰ দিনা বৰুৱা পৰিয়ালক মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ পিছত প্ৰসংগক্ৰমেই ওলাল লতাশিলৰ ঐতিহ্যমণ্ডিত ১০০ বছৰ পুৰণি ঘৰটোৰ সংৰক্ষণৰ কথা। মুখ্যমন্ত্ৰীয়ে ক’লে- ঘৰটো সংৰক্ষণৰ সিদ্ধান্ত পৰিয়ালটোৰ নিজা। দীপেন বৰুৱাই ক’লে- ঘৰটো সংৰক্ষণ কৰিব পৰা হ’লে ভাল আছিল।

ঘৰৰ সংৰক্ষণ বাৰু পৰিয়ালে বিচাৰিলেই হ’ব। পৰিয়ালে বিচাৰিলে চৰকাৰেও সহযোগ কৰিব। কিন্তু ৰমেন বৰুৱাৰ সন্ধান ওলাবনে? ক’ত নাইকীয়া হৈ গ’ল বাৰু প্ৰবীণ সংগীতশিল্পীগৰাকী? সেই উত্তৰেই এতিয়া কাৰো হাততে নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...