কলকাতাৰ জঘন্য কাণ্ডত জড়িত নেকি যুৱতী চিকিৎসকগৰাকীৰ সহকৰ্মী?

কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ৰ যুৱতী চিকিৎসকক ধৰ্ষণ-হত্যাৰ ঘটনাই জোকাৰিছে দেশ। প্ৰতিবাদত উত্তাল হৈছে প্ৰায় প্ৰতিখন চিকিৎসালয়ৰ চৌহদ। প্ৰতিবাদৰ সমান্তৰালভাৱে চলি আছে তদন্ত।

CBIৰ সন্মুখত মৃত যুৱতী চিকিৎসকৰ পিতৃ-মাতৃয়ে নাম লৈছে বহুজনৰ। তদন্ত চলাই থকা CBI-এ নজৰত ৰাখিছে কমেও ৩০জনক। যুৱতী চিকিৎসকগৰাকীক যি ধৰণেৰে ধৰ্ষণ কৰি হত্যা কৰা হৈছে তাৰ ৰেহ ৰূপ দেখি এই ঘটনাৰ সৈতে একাধিক লোক জড়িত থাকিব পাৰে বুলি বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছে। যুৱতী চিকিৎসকগৰাকীৰ হত্যাত কোনো সহকৰ্মী জড়িত থাকিব বুলি সন্দেহ কৰিছে যুৱতী চিকিৎসকগৰাকীৰ পিতৃ-মাতৃয়ে। CBI-এ এই বিষয়টোত অধিক গুৰুত্ব দিছে। কিন্তু বৰ্তমানলৈ ধৰ্ষক-হত্যাকাৰী বুলি অভিযুক্ত কৰা হৈছে সঞ্জয় ৰয় নামৰ আৰক্ষীৰ জিম্মাত থকা যুৱকজনক, তাৰ বাদে আন লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। তদন্তত প্ৰকাশ পাইছে– নিশা অভিযুক্ত সঞ্জয় গৈছিল পতিতালয়লৈ। পুৱতি নিশা চিকিৎসালয়লৈ উভতি আহি সংঘটিত কৰিছিল জঘন্য কাণ্ড।

সঞ্জয়ে যুৱতী চিকিৎসকগৰাকীক হত্যা কৰাৰ কথা স্বীকাৰো কৰিছে। তথাপি যুৱতীগৰাকীৰ পিতৃ-মাতৃয়ে এয়া এজনৰ দুষ্কাৰ্য বুলি মানি ল’ব পৰা নাই। ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্রশ্ন– নিশা ২ বজালৈ সহকৰ্মীৰ সৈতে থকা চিকিৎসকগৰাকীৰ মৃতদেহ পুৱা ৯ বজাত উদ্ধাৰ হ’ল, ইমান সময় সহকৰ্মীয়ে চিকিৎসকগৰাকীক বিচৰা নাছিল কিয়?

শুকুৰবাৰে CBI–এ কেইবাজনো চিকিৎসক ছাত্ৰক তলব কৰিছিল। একাংশ চিকিৎসককো CBI-এ সোধা-পোছা কৰিছে। শুকুৰবাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোচক মাৰাথন জেৰা চলাই CBI-এ। শনিবাৰেও পুনৰ জেৰা চলোৱা হৈছে সন্দীপ ঘোচক। ইফালে ঘটনাক লৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিবাদক লৈ দুমুখীয়া স্থিতি গ্ৰহণ কৰাৰ অভিযোগ উঠিছে। নিজে প্ৰতিবাদত অংশ লোৱা মমতা বেনাৰ্জীয়ে বদলি কৰিলে প্ৰতিবাদত অংশ লোৱা ৪৩ চিকিৎসকক। চিকিৎকৰ বদলিক ‘মমতাৰ প্ৰতিশোধ’ বুলিলে বিজেপিয়ে। চিকিৎসকৰ বদলিক লৈ পশ্চিমবংগত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে। ইফালে অব্যাহত আছে প্ৰতিবাদো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...