বিৰাট কোহলীৰ প্ৰতি প্ৰেম প্ৰদৰ্শন অনুষ্কা শৰ্মাৰ

বিৰাট কোহলীৰ প্ৰতি প্ৰেম প্ৰদৰ্শন অনুষ্কা শৰ্মাৰ

টেষ্ট মেচত বিৰাটৰ কাষত সাহস হৈ থিয় দিলে অনুষ্কাই। বিৰাট কোহলীৰ প্ৰতি প্ৰেম প্ৰদৰ্শন অনুষ্কা শৰ্মাৰ। শনিবাৰে পাৰ্থত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া টেষ্ট মেচ উপভোগ কৰিলে মোহময়ী অভিনেত্ৰী অনুষ্কা শৰ্মাই। স্বামী বিৰাট কোহলীক সাহস দিবলৈ ষ্টেডিয়ামত উপস্থিত হলগৈ অনুষ্কা।

অনুষ্কাৰ উপস্থিতিয়ে চৰ্চা লাভ কৰিছে নেটিজেনৰ মাজত। ক্ষন্তেকতে আলোচনাৰ বিষয় হৈ পৰিল বিৰাট-অনুষ্কা৷ খেল আৰম্ভ হোৱাৰ কিছুসময় পূৰ্বে ইনষ্টাগ্ৰামত এটা পষ্ট দিছিল বিৰাট কোহলীয়ে। কোহলিয়ে লিখিছিল, “অতীতলৈ ঘূৰি চালে দেখোঁ, আমি ক্ৰমান্বয়ে অলপ বেলেগ হৈ আহিছোঁ”। লগতে নিজৰ জীৱন সম্পৰ্কীয় আৰু কিছু কথাও উল্লেখ কৰিছিল জনপ্ৰিয় ক্ৰিকেটাৰজনে। কোহলিৰ পষ্টটোৱে সন্দেহ সৃষ্টি কৰিছিল অনুৰাগীৰ মনত।

বিৰাট-অনুষ্কাৰ সাংসাৰিক জীৱনক লৈ সন্দেহ হৈছিল অনুৰাগীৰ। একাংশৰ মনত সৃষ্টি হৈছে সম্ভাৱ্য বিচ্ছেদৰ জল্পনা-কল্পনা। কিন্তু শীঘ্ৰেই অনুৰাগীৰ সন্দেহৰ অৱসান ঘটালে অনুষ্কাই। বিৰাটে পষ্ট দিয়াৰ কিছু সময়ৰ পাছতে ষ্টেডিয়ামত উপস্থিত হলগৈ অনুষ্কা। এটা সাধাৰণ বগা চাৰ্ট পৰিহিতা অনুষ্কাক দেখা গল পাৰ্থত। ষ্টেডিয়ামত অনুষ্কাৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে বিৰাটৰ প্ৰতি থকা পত্নীৰ মৰম-ভালপোৱা। অৱসান ঘটিল অনুৰাগীৰ ভুৱা সন্দেহৰো।

দ্বিতীয় সন্তানৰ পিতৃ-মাতৃ হোৱাৰ পিছতে পাৰিবাৰিক জীৱনক লৈ অধিক ব্যস্ত হৈছে বিৰাট-অনুষ্কা। লাইমলাইটৰ পৰা আঁতৰাই সন্তানক ডাঙৰ-দীঘল কৰিছে তাৰকা দম্পতিটোৱে। সন্তানক ব্ৰিটেইনলৈ লৈ যোৱাৰো পৰিকল্পনা কৰিছে বিৰাট-অনুষ্কাই। ২০১৭ত বিবাহপাশত আবদ্ধ হৈছিল বিৰাট কোহলি আৰু অনুষ্কা শৰ্মা। বিয়াৰ পিছৰে পৰা ব্যক্তিগত জীৱনক লৈ অধিক ব্যস্ত হৈছে দম্পতিটো। তাৰ মাজতে ক্ৰিকেটৰ কিংবদন্তী ঝুলন গোস্বামীৰ জীৱন আধাৰিত এখন চলচ্চিত্ৰত অভিনয় কৰিছে অনুষ্কা শৰ্মাই। দীৰ্ঘদিনীয়া বিৰতিৰ পিছত চাকদা এক্সপ্ৰেছ নামৰ ছবিখনেৰে বলীউডলৈ উভতি আহিছে অনুষ্কা শৰ্মা। ২৪ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে চাকদা এক্সপ্ৰেছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...