পুনৰ বলীউডলৈ উভতি আহিছে নেকি প্ৰিয়ংকা চোপ্ৰা?

ৰাজস্থানৰ বিলাসী হোটেলত ‘দেশী গাৰ্ল’। পুনৰ বলীউডলৈ উভতি আহিছে নেকি প্ৰিয়ংকা চোপ্ৰা? শেহতীয়াকৈ ভাৰতলৈ সঘনে অহা-যোৱা কৰিছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই। খবৰ অনুসৰি পুনৰ বলীউডত কাম কৰিবলৈ লৈছে ‘দেশী গাৰ্লে’। দেওবাৰে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত একাংশ ফটো-ভিডিঅ’ শ্বেয়াৰ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ফটোবোৰত ৰাজস্থানৰ জয়পুৰৰ এখন বিলাসী হোটেলত দেখা গৈছে প্ৰিয়ংকাক। প্ৰিয়ংকাই জুতি ল’লে ৰাজস্থানৰ থলুৱা খাদ্যৰ।

অভিনেত্ৰীগৰাকীৰ ইনষ্টাগ্ৰাম ষ্টৰীত দেখা গৈছে ৰাজস্থানৰ থলুৱা খাদ্যৰ লগতে স্থানীয় শিল্পীৰ সংগীতো। ইতিমধ্যে নিজকে হলিউডত প্ৰতিষ্ঠা কৰিছে প্ৰিয়ংকা চোপ্ৰাই। কেইবাখনো ৱেব-চিৰিজত অভিনয় কৰিছে প্ৰিয়ংকাই। বলীউডৰ পৰা বহুদিন আঁতৰি আছে প্ৰিয়ংকা চোপ্ৰা। বহুদিনীয়া বিৰতিৰ পিছত এখন ভাৰতীয় ছবিত প্ৰিয়ংকা চোপ্ৰাৰ অভিনয়।

এছ এছ ৰাজামৌলিৰ এখন ছবিত দেখা যাব প্ৰিয়ংকাক। ছবিখনত প্ৰিয়ংকাৰ বিপৰীতে থাকিব মহেশ বাবু আৰু পৃথ্বীৰাজ সুকুমাৰণ। অৱশ্যে এতিয়াও নিশ্চিত হোৱা নাই ছবিখনৰ নাম। ইপিনে হলিউডতো পূৰ্ণগতিত কাম কৰি আছে প্ৰিয়ংকা চোপ্ৰাই। ইদ্ৰিছ এলবা আৰু জন চিনাৰ সৈতে ‘হেডছ অৱ ষ্টেট’ নামৰ ছবিখনত দেখা যাব প্ৰিয়ংকা চোপ্ৰাক। ইতিমধ্যে ৰুছ’ ব্রাদাৰ্ছৰ আমেৰিকান ৱেব ছিৰিজ ‘চিটাডেল 2’ত ও অভিনয় কৰিছে প্ৰিয়ংকা চোপ্ৰাই। ২০২৪ৰ নৱেম্বৰতে সম্পূৰ্ণ হৈছে ‘চিটাডেল 2’ৰ শ্বুটিং। কিন্তু এই ৱেব চিৰিজখনে কেতিয়া মুক্তিলাভ কৰিব সেই সন্দৰ্ভত এতিয়ালৈকে কোনো আপডেট দিয়া নাই ‘চিটাডেল’ৰ নিৰ্মাতাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...