চাকৰিত যোগদান কৰিছিলহে, প্ৰথম দৰমহা নাপাওঁতেই প্ৰমিকে হত্যা কৰিলে মায়াক!

চাকৰিত যোগদান কৰিছিলহে, প্ৰথম দৰমহা নাপাওঁতেই প্ৰমিকে হত্যা কৰিলে মায়াক! উদ্ধাৰ হ’ল বেংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈৰ পৰিচয়। NKTV PLUSৰ হাতত বেংগালুৰুত হত্যাৰ বলি হোৱা মায়া গগৈৰ পৰিচয়। প্ৰাক্তন মন্ত্ৰী ইন্দ্ৰ গগৈৰ নাতিনী আছিল মায়া গগৈ। মায়া গগৈ আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নী বহু বছৰ ধৰি আছিল বেংগালুৰুত। মাতৃৰ মৃত্যুৰ পাছত মোমায়েকৰ তত্বাৱধানত আছিল দুই ভনী। সন্দিকৈ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছিল মায়া গগৈ। শেহতীয়াকৈ এটা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত চাকৰিত যোগদান কৰিছিল মায়াই। কিন্তু প্ৰথম মাহৰ দৰমহা নাপাওঁতেই হত্যাৰ বলি হ’ল মায়া গগৈ। বেংগালুৰুতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন মায়াৰ। হত্যাৰ বলি হোৱা মায়া গগৈ আছিল ব্লগাৰো। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাত অভিযুক্ত মায়াৰ প্ৰেমিকক। যোৱা ২৬ নৱেম্বৰত বেংগালুৰুৰ এটা ফ্লেটত ১৯ বছৰীয়া মায়াক নৃশংসভাৱে হত্যা কৰিছিল প্ৰেমিক আৰভে। মায়াৰ প্ৰেমিক আৰভ হানয় কেৰালাৰ কন্নৰৰ বাসিন্দা।

Popular

More like this
Related

এডভান্টেজ আছাম ২.০ সম্মিলনে বিকাশ আৰু সুযোগৰ নতুন যুগৰ সূচনা কৰিবঃ মুখ্যমন্ত্রী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে এডভান্টেজ আছাম ২.০ সম্মিলন...

তেল-গেছৰ অন্বেষণ আৰু উৎপাদনত ৫০ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বেদান্ত গ্ৰুপে

গ্ৰুপ কোম্পানী কেয়াৰ্ন অইল এণ্ড গেছে অসমত তেল আৰু...

গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত ৮ সহস্রাধিক শিল্পীয়ে প্রদর্শন কৰিলে ঝুমইৰ নৃত্য

'ঝুমইৰ বিনন্দিনী' শীর্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ চাহ...

পুৱাই অনুভূত ভূমিকম্প, হাহাকাৰ চৌদিশে

পুনৰ অনুভূত ভূমিকম্প পশ্চিমবংগৰ ভিন্ন প্ৰান্তত অনুভূত ভূমিকম্প পুৱা প্ৰায় ৬...