প্ৰেম, বিচ্ছেদ, হত্যা! পোহৰলৈ আহিল কৃষ্ণামণি ডেকাৰ হত্যাৰ কাৰণ

সমগ্ৰ অসম জোকাৰি গ’ল মঙলদৈৰ কৃষ্ণামণি ডেকাৰ হত্যাকাণ্ডই। সোমবাৰে মন্দিৰ দৰ্শন কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল কৃষ্ণামণি ডেকা নামৰ ১৯বছৰীয়া যুৱতীগৰাকী। ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা অফ হৈ আছিল যুৱতীগৰাকীৰ মোবাইল। বহু সময়লৈ ঘৰলৈ উভতি অহা নাছিল যুৱতীগৰাকী। বহু বিচাৰ-খোঁচাৰ কৰাৰ পিছতো যুৱতীগৰাকীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছিল পৰিয়াল। কিন্তু মঙলবাৰে পুৱাৰ ভাগত মঙলদৈৰ আঠিয়াবাৰীত পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ পিছতে প্ৰেমজনিত কাৰণত কৃষ্ণামণিক হত্যাৰ সন্দেহ কৰিছিল মাতৃয়ে। প্ৰেমিক চিণ্টুমণি নাথে হত্যাৰ কৰাৰ সন্দেহ কৰিছিল কৃষ্ণামণিৰ মাতৃয়ে। কিন্তু পিছত প্ৰেমিক চিণ্টু নাথেও আত্মহত্যা কৰাত ঘটনাই লৈছিল নতুন মোৰ। শেহতীয়াকৈ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। প্ৰেম, বিচ্ছেদেই যেন কাল হ’ল কৃষ্ণামণিৰ।

প্ৰেম, বিচ্ছেদ আৰু শেষত ঘটিল ভয়ংকৰ ঘটনা। মঙলদৈৰ আঠিয়াবাৰীৰ কৃষ্ণামণি ডেকাৰ হত্যাকাণ্ডৰ তদন্তত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। দৰং আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে হত্যাকাণ্ডৰ কাৰণ। প্ৰেমিক চিণ্টুমণি নাথেই হত্যা কৰিছিল কৃষ্ণামণি ডেকাক! প্ৰেম বিচ্ছেদৰ বাবেই এই হত্যাৰ সন্দেহ আৰক্ষীৰ। ইতিমধ্যে আত্মহত্যা কৰিছে প্ৰেমিক চিণ্টুমণি নাথে। আৰক্ষীয়ে আটক কৰিছে কৃষ্ণামণি ডেকাৰ আন এজন বন্ধুক। ফোন ৰেকৰ্ডিঙৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে চলাইছে তদন্ত। তদন্তত উদ্ধাৰ হৈছে বহু আপত্তিজনক সামগ্ৰী।

ক’ত হত্যা কৰিছিল কৃষ্ণামণি ডেকাক? শেহতীয়া খবৰ অনুসৰি মঙলদৈ পকাবাঙীপাৰা গাঁৱৰ এটা পৰিত্যক্ত গৃহত হত্যা কৰা হৈছিল কৃষ্ণামণিক। পৰিত্যক্ত গৃহটো আছিল চিন্টুমণি নাথৰ বায়েক-ভিনিয়েকৰ। অৱশ্যে ভিনিহিয়েকৰ মৃত্যুৰ পিছত বায়েক থকা নাছিল সেইখন ঘৰত। কোনো নথকাৰ সুযোগ লৈয়ে চিন্টুৱে হত্যা কৰিছিল কৃষ্ণামণিক। সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আৰক্ষীৰ তদন্ত। পৰৱৰ্তী সময়তহে পোহৰলৈ আহিব ঘটনাৰ আঁৰত কোন আৰু ঘটনাৰ প্ৰকৃত কাৰণ কি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...