গুৱাহাটীত ট্ৰাকে প্ৰাণ কাঢ়িলে সাতগাঁৱৰ এগৰাকী ছাত্ৰীৰ

ট্ৰাকে প্ৰাণ কাঢ়িলে গুৱাহাটীৰ সাতগাঁৱৰ এগৰাকী ছাত্ৰীৰ। আজাৰা থানাৰ অন্তৰ্গত খনামূখত সংঘটিত হৈছিল দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল ছাত্ৰীগৰাকী। চিমৰণ হাজৰিকা নামৰ ছাত্ৰী গৰাকীৰ মৃত্যুক সাতগাঁৱত শোক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ জীৱন মৃত্যুৰে যুঁজি আছে জেৰিফা বেগম নামৰ আন এগৰাকী ছাত্ৰীয়ে। বৃহস্পতিবাৰে স্কুটীৰে বান্ধৱীৰ সৈতে জন্মদিনত ভাগ ল’বলৈ গৈছিল দুয়োগৰাকী ছাত্ৰীয়ে। বৰঝাৰ অভিমুখে গৈ থকাৰ সময়তে পিছফালৰ পৰা খুন্দা মাৰে এখন ট্ৰাকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২ যুৱতীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। নিশা ছয়মাইলৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে চিমৰণ হাজৰিকাই। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে আজাৰা আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...