গুৱাহাটীত ট্ৰাকে প্ৰাণ কাঢ়িলে সাতগাঁৱৰ এগৰাকী ছাত্ৰীৰ

ট্ৰাকে প্ৰাণ কাঢ়িলে গুৱাহাটীৰ সাতগাঁৱৰ এগৰাকী ছাত্ৰীৰ। আজাৰা থানাৰ অন্তৰ্গত খনামূখত সংঘটিত হৈছিল দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ আছিল ছাত্ৰীগৰাকী। চিমৰণ হাজৰিকা নামৰ ছাত্ৰী গৰাকীৰ মৃত্যুক সাতগাঁৱত শোক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ জীৱন মৃত্যুৰে যুঁজি আছে জেৰিফা বেগম নামৰ আন এগৰাকী ছাত্ৰীয়ে। বৃহস্পতিবাৰে স্কুটীৰে বান্ধৱীৰ সৈতে জন্মদিনত ভাগ ল’বলৈ গৈছিল দুয়োগৰাকী ছাত্ৰীয়ে। বৰঝাৰ অভিমুখে গৈ থকাৰ সময়তে পিছফালৰ পৰা খুন্দা মাৰে এখন ট্ৰাকে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২ যুৱতীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত। নিশা ছয়মাইলৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে চিমৰণ হাজৰিকাই। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে আজাৰা আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...