এজন ফুলৰ ব্যৱসায়ীক ছুৰিকাঘাত কৰিলে কোনে?

প্ৰেমৰ দিৱস আজি। সেয়ে মহানগৰীৰ পদপথে পদপথে ফুলৰ বজাৰসমূহত গ্ৰাহকৰ ভিৰ। গণেশগুৰিৰ মেকড’নাল্ড ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমীপতো তেনে এক ভিৰেই লাগি আছিল। কিন্তু হঠাতে লাগিল হুৱা-দুৱা। খবৰ পোৱা গল এজন ফুলৰ ব্যৱসায়ীক ছুৰিকাঘাত কৰিছে দুৰ্বৃত্তই। আহত ভূপেন বৰ্মন ওৰফে সৰু। দোকানৰ কাষতে পৰি ৰল চেণ্ডেল। আহিল দিছপুৰ আৰক্ষী। আহত ফুলৰ ব্যৱসায়ীজনক GMCHত ভৰ্তি কৰোৱা হল। আৰক্ষীয়ে ধৰি পেলালে দুৰ্বৃত্তক। এয়া ফুলৰ ব্যৱসায়ীক আক্ৰমণ কৰা শংকৰ বৰুৱা। শংকৰে পিছফালৰ পৰা আক্ৰমণ কৰে ভূপেন বৰ্মনক।

এতিয়া শুনক ঘটনাৰ আচল অভিযোগ। আহত ভূপেন বৰ্মনে য’ৰ পৰা পাইকাৰী দামত ফুল ক্ৰয় কৰে, তাৰে এজন কৰ্মচাৰী আছিল নলবাৰীৰ শংকৰ বৰুৱা নামৰ লোকজন। অভিযোগ আছিল যে শংকৰে মালিকৰ ফুল চুৰি কৰি বিক্ৰী কৰিছিল ওচৰৰে দুই-এখন দোকানত। যাৰ পৰা চুৰকৈ দুপইচা অৰ্জন কৰে শংকৰে। শংকৰৰ সেই গোপন ব্যৱসায়ৰ কথা ভূপেন বৰ্মনেই মালিকক অৱগত কৰাইছে বুলি শংকৰে আক্ৰমণ কৰে ভূপেনক। এই কথাবোৰকেই কৈছে ওচৰৰ ব্যৱসায়ীসকলে।

আৰক্ষীয়ে অভিযুক্তক আটক কৰিছে। তদন্ত হ’ব। কথাবোৰ পোহৰলৈ আহিব কিন্তু। কেইটামান পইচাৰ ব্যৱসায়ত অসুবিধা অনাৰ বাবেই মানুহে আজিৰ তাৰিখত ছুৰিকাত কৰি আক্ৰমণ কৰিবলৈও পিছ হুহুকি নাহে। সিহে এক চিন্তনীয় বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...