এজন ফুলৰ ব্যৱসায়ীক ছুৰিকাঘাত কৰিলে কোনে?

প্ৰেমৰ দিৱস আজি। সেয়ে মহানগৰীৰ পদপথে পদপথে ফুলৰ বজাৰসমূহত গ্ৰাহকৰ ভিৰ। গণেশগুৰিৰ মেকড’নাল্ড ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমীপতো তেনে এক ভিৰেই লাগি আছিল। কিন্তু হঠাতে লাগিল হুৱা-দুৱা। খবৰ পোৱা গল এজন ফুলৰ ব্যৱসায়ীক ছুৰিকাঘাত কৰিছে দুৰ্বৃত্তই। আহত ভূপেন বৰ্মন ওৰফে সৰু। দোকানৰ কাষতে পৰি ৰল চেণ্ডেল। আহিল দিছপুৰ আৰক্ষী। আহত ফুলৰ ব্যৱসায়ীজনক GMCHত ভৰ্তি কৰোৱা হল। আৰক্ষীয়ে ধৰি পেলালে দুৰ্বৃত্তক। এয়া ফুলৰ ব্যৱসায়ীক আক্ৰমণ কৰা শংকৰ বৰুৱা। শংকৰে পিছফালৰ পৰা আক্ৰমণ কৰে ভূপেন বৰ্মনক।

এতিয়া শুনক ঘটনাৰ আচল অভিযোগ। আহত ভূপেন বৰ্মনে য’ৰ পৰা পাইকাৰী দামত ফুল ক্ৰয় কৰে, তাৰে এজন কৰ্মচাৰী আছিল নলবাৰীৰ শংকৰ বৰুৱা নামৰ লোকজন। অভিযোগ আছিল যে শংকৰে মালিকৰ ফুল চুৰি কৰি বিক্ৰী কৰিছিল ওচৰৰে দুই-এখন দোকানত। যাৰ পৰা চুৰকৈ দুপইচা অৰ্জন কৰে শংকৰে। শংকৰৰ সেই গোপন ব্যৱসায়ৰ কথা ভূপেন বৰ্মনেই মালিকক অৱগত কৰাইছে বুলি শংকৰে আক্ৰমণ কৰে ভূপেনক। এই কথাবোৰকেই কৈছে ওচৰৰ ব্যৱসায়ীসকলে।

আৰক্ষীয়ে অভিযুক্তক আটক কৰিছে। তদন্ত হ’ব। কথাবোৰ পোহৰলৈ আহিব কিন্তু। কেইটামান পইচাৰ ব্যৱসায়ত অসুবিধা অনাৰ বাবেই মানুহে আজিৰ তাৰিখত ছুৰিকাত কৰি আক্ৰমণ কৰিবলৈও পিছ হুহুকি নাহে। সিহে এক চিন্তনীয় বিষয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...