CJPৰ সকলো দাবী মানি ল’লে চৰকাৰে

সফলতাৰে অন্ত পৰিল চৰকাৰ-CJPৰ তৃতীয়লানি আলোচনা। CJPৰ সকলো দাবী মানি ল’লে চৰকাৰে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতে চৰকাৰৰ সৈতে আলোচনাত মিলিত হয় CJPৰ নেতৃত্ব। আন্দোলনকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো FIR উঠাই লোৱা হ’ব। ভৱিষ্যতেও আন্দোলনকাৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় কোনোধৰণৰ FIR। নীট পৰীক্ষাৰ বাবে আ/ত্ম-হ/ত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়ালক দিয়া হ’ব ক্ষতিপূৰণ। চৰকাৰৰ নীতি-নিয়মেৰে সৰ্বাধিক ক্ষতিপূৰণ দিয়াৰ আশ্বাস। CJPৰ ৫ দফীয়া দাবীৰ অন্যতম আছিল ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। আজি কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত হয় তৃতীয়লানি আলোচনা। মন্ত্ৰী জে পি নাড্ডা, জীতেন্দ্ৰ সিঙৰ সৈতে আলোচনা CJP-ৰ। বৈঠকৰ শেষত সংবাদমেলত প্ৰতিবাদ অন্ত পৰাৰ ঘোষণা CJPৰ।

ডিজিটেল ডেস্ক | প্ৰাঞ্জলজ্যোতি গগৈ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত উজ্জীৱিত ভাৰত; মাৰাথন, শ্বুটিঙৰ পৰা আহিল ভাল খবৰ

জাপানত অনুষ্ঠিত এছিয়ান গেমছ ২০২৬ৰ সপ্তম দিনটোত ভাৰতীয় দললৈ...

‘অশান্ত অঞ্চল’ ; উত্তৰ-পূবৰ কোন কোন স্থানক অশান্ত অঞ্চল ঘোষণা কেন্দ্ৰৰ?

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন,...

ডি আৰ কংগোত ভয়ংকৰ বিমান দুৰ্ঘটনা; কাৰিকৰী বিজুতিয়ে প্ৰাণ ল’লে ১৪ জনৰ

ডেম’ক্ৰেটিক ৰিপাব্লিক অৱ কংগোত (ডি আৰ কংগো) সংঘটিত এক...