দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত ১ লাখ ৭ হাজাৰ লোক

সমগ্ৰ দেশত অপৰিবৰ্তিত ক’ভিড পৰিস্থিতি। দেওবাৰে দেশত ক’ভিডত আক্ৰান্ত হৈছে ১ লাখ ৭ হাজাৰ ৪৭৪ জন লোক। একেদিনাই মৃত্যু হৈছে ৮৬৫ জন ক’ভিড আক্ৰান্ত ৰোগীৰ। বৰ্তমানেও সক্ৰিয় ক’ভিড ৰোগী আছে ১২ লাখ ২৫ হাজাৰ ১১ জন। দৈনিক পজিটিভিটীৰ হাৰ হৈছে ৭.৪২ শতাংশ।
ইফালে, দেওবাৰে সমগ্ৰ বিশ্বত ক’ভিডত আক্ৰান্ত হৈছে ৯ লাখ ৫৮ হাজাৰ ৪১০ জন লোক। ২৪ ঘণ্টাত মৃত্যু হৈছে ২ হাজাৰ ৮০৪ জনৰ। আৰোগ্য লাভ কৰিছে ৭ লাখ ৪০ হাজাৰ ৯৯৩ জনে। এতিয়াও বিশ্বজুৰি সক্ৰিয় ক’ভিড ৰোগী আছে ৭ কোটি ৫৬ লাখ ১৬ হাজাৰ ৩৪৫ জন। আক্ৰান্তৰ শীৰ্ষত এতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰ, দ্বিতীয় স্থানত আছে ভাৰত আৰু তৃতীয় স্থানত আছে ব্ৰাজিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...