বিশ্বত বিগত ২৪ ঘণ্টাত ৩১ লাখ ৭৩ হাজাৰ লোক কৰ’ণাত আক্ৰান্ত

বিশ্বত বিগত ২৪ ঘণ্টাত ৩১ লাখ ৭৩ হাজাৰ লোক কৰ’ণাত আক্ৰান্ত। ইয়াৰ বিপৰীতে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে ২২ লাখ ৫৭ হাজাৰ আক্ৰান্ত। বিগত ২৪ ঘণ্টাত সমগ্ৰ বিশ্বতে ক’ভিডত প্ৰাণ হেৰুৱাইছে ৯ হাজাৰ ২৬৮ জন আক্ৰান্তই। ক’ভিড আক্ৰান্ত দেশৰ তালিকাত শীৰ্ষত ফ্ৰান্স। ফ্ৰান্সত একেদিনাই ৫ লাখ লোক সংক্ৰমিত। আমেৰিকাত হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা। আমেৰিকাত একেদিনাই আক্ৰান্ত ৩ লাখ ৫২ হাজাৰ লোক। সংক্ৰমিত দেশৰ তালিকাত তৃতীয় স্থানত আছে ভাৰত। অমিক্ৰণ কোনো মাৰাত্মক ভেৰিয়েণ্ট নহয়, শেহতীয়াকৈ আমেৰিকাৰ এক নতুন গৱেষণাত প্ৰকাশ পাইছে তথ্য।
ইফালে দেশত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ। বিগত ২৪ ঘণ্টাত দেশত কৰ’নাত আক্ৰান্ত ২ লাখ ৫১ হাজাৰ ২০৯ জন। ইয়াৰ বিপৰীতে আৰোগ্য লাভ কৰিছে ৩ লাখ ৪৭ হাজাৰ ৪৪৩ জন ক’ভিড আক্ৰান্ত। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত প্ৰাণ হেৰুৱাইছে ৬২৭ জন ক’ভিড আক্ৰান্ত। দৈনিক পজিটিভিটীৰ হাৰ ১৯.৫ শতাংশৰ পৰা হ্ৰাস পাইছে ১৫.৮ শতাংশলৈ। কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, তামিলনাডুত দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত। কেৰালাত একে দিনাই কৰ’নাত প্ৰাণ হেৰুৱাইছে ১৫৩ জন আক্ৰান্তই। ৰাজধানী দিল্লীতো দ্ৰুত গতিত হ্ৰাস পাইছে ক’ভিড সংক্ৰমণ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...