কণ্ঠদানেই নহয়, চলচ্চিত্ৰ প্ৰযোজনাও কৰিছিল লতা মংগেশকাৰে

এক যুগৰ অৱসান। ৬ ফেব্ৰুৱাৰীত লতা মংগেশকাৰৰ দেহাৱসানৰ লগে লগে ইতি পৰিল এক সোণালী অধ্যায়ৰ। ৯২ বছৰীয়া জীৱনত লতাজীয়ে ৩৬টা ভাষাত ৫০,০০০ গান গাইছিল, পৃথিৱীৰ সকলো গায়কৰ বাবে এক অভিলেখ। ১৯৬০ চনৰ পৰা ২০০০ চনলৈ এটা সময় আছিল, যেতিয়া লতা মংগেশকাৰৰ কণ্ঠস্বৰ অবিহনে চিনেমা অসম্পূৰ্ণ বুলি গণ্য কৰা হৈছিল। লতাৰ কণ্ঠস্বৰে নিশ্চিত কৰিছিল যে গানবোৰ হিট হ’বই! ২০০০ চনৰ পৰা চলচ্চিত্ৰত গানৰ সংখ্যা হ্ৰাস কৰে আৰু কেৱল নিৰ্বাচিত চলচ্চিত্ৰতহে গান গাইছিল। লতাই অন্তিম গানটো ২০১৫ চনৰ ডুনো ৱাই চলচ্চিত্ৰত গাইছিল।
প্ৰায় ৮০ বছৰ ধৰি সংগীত জগতত সক্ৰিয় হৈ থকা লতা মংগেশকাৰৰ জন্ম ১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত মধ্য প্ৰদেশৰ ইন্দোৰত হৈছিল। ১৩ বছৰ বয়সৰ পৰা ১৯৪২ চনত গান গাবলৈ আৰম্ভ কৰিছিল। লতাজীৰ দেউতাক দীননাথ মংগেশকাৰ সংগীত আৰু মাৰাঠী থিয়েটাৰ জগতৰ এক পৰিচিত নাম আছিল। দেউতাকেই লতাজীক সংগীত শিকাইছিল। ৫গৰাকী ভাই-ভনীৰ ভিতৰত জ্যেষ্ঠ হৈছে লতাজী। তিনিগৰাকী ভগ্নী আশা ভোচলে, ঊষা মংগেশকাৰ, মীনা মংগেশকাৰ আৰু ভাতৃ হৃদয়নাথ মংগেশকাৰ।
প্ৰথমাৱাস্থাত লতা মংগেশকাৰে ভগ্নী ঊষা আৰু ভায়েক হৃদয়নাথৰ সৈতে মুম্বাইৰ পেড্ডাৰ ৰোডৰ প্ৰভুকুঞ্জত মজিয়াত বাস কৰিছিল। লতাজীয়ে ইয়াত বহু বছৰ ধৰি বাস কৰিছিল। বহু বছৰ ধৰি প্ৰভাকুঞ্জ চছাইটি পুৱা লতা মংগেশকাৰৰ সংগীতৰ ৰিয়াজেৰে গুঞ্জৰিত হৈছিল। শেষলৈ দুৰ্বল স্বাস্থ্যৰ বাবে ৰিয়াজ প্ৰায় ৪ বছৰৰ বাবে বন্ধ হৈ পৰিছিল। ২০১৯ৰ নৱেম্বৰত, নিউমোনিয়া আৰু উশাহত সমস্যা পোৱাৰ বাবে লতাজীক ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ২৮ দিনৰ বাবে ভৰ্তি কৰা হৈছিল লতা মংগেশকাৰক। ইয়াৰ পিছত সেই বছৰৰ নৱেম্বৰ মাহৰ পৰা ঘৰৰ পৰা ওলোৱা-সোমোৱা প্ৰায় বন্ধ হৈ গৈছিল।
সংগীত জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে লতা মংগেশকাৰক ২০০১ চনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হৈছিল। ইয়াৰ পূৰ্বে পদ্ম বিভূষণ, পদ্মভূষণ আৰু দাদাচাহেব ফাল্কে সন্মানকে ধৰি কেইবাটাও আগশাৰীৰ সন্মান প্ৰদান কৰা হৈছিল। খুব কম লোকেই জানে যে লতাজীয়ে নিজে চলচ্চিত্ৰ প্ৰযোজনা কৰিছিল। লতাজীৰ বেনাৰত নিৰ্মিত ছবিখন আছিল “কিন্তু”, এই ছবিখনৰ বাবে শ্ৰেষ্ঠ গায়িকাৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল লতাজীয়ে। ৬১ বছৰ বয়সত গান গোৱাৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা একমাত্ৰ গায়িকা আছিল। ইয়াৰ লগতে “কিন্তু” বোলছবিখনে আন ৫টা ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ফেব্ৰুৱাৰীত ফ্ৰান্সলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

আগন্তুক ফেব্ৰুৱাৰী মাহত ফ্রান্স ভ্ৰমণলৈ যাব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ...

অবিবাহিত লোকৰ এখন গাঁও; ৫০বছৰ পূৰ্বে হৈছিল অন্তিমখন বিয়া

বিহাৰত উপযুক্ত দৰাৰ অভাৱ বুলি প্রায়ে শুনিবলৈ পোৱা যায়।...

আৰম্ভ হ’ল AIৰ ৰাজত্ব… চলিত বর্ষত আমেৰিকাত অনেকেই হেৰুৱাব কর্মসংস্থাপন

চলিত বর্ষটোত কৃত্রিম বুদ্ধিমত্তা (AI)ৰ দপদপনি চলিব। AIৰ বাবে...

৬৫জন বিধায়কৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৮২৯ কোটি টকা

দিল্লীৰ বৰ্তমানৰ ৬৫জন বিধায়কৰ ৰিপ'ৰ্ট কার্ড প্রকাশ পাইছে। নির্বাচন...