শেষ শ্ৰদ্ধাৰ বাবে সন্ধিয়ালৈকে শিৱাজী পাৰ্কত ৰখা হ’ব নশ্বৰদেহ

কভিডযুদ্ধত পৰাজিত হৈ ইহ সংসাৰৰ পৰা বিদায় মাগিলে সুৰৰ সম্ৰাজ্ঞীয়ে। আজি মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে লতাজীয়ে। লতাজীয়ে প্ৰায় দুবছৰ ধৰি ঘৰ এৰি যোৱা নাছিল। মাজে সময়ে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক বাৰ্তা দিছিল। বৰ্ধিত বয়স আৰু স্বাস্থ্য দুৰ্বল হোৱাৰ বাবে কোঠাতে অধিক সময় অতিবাহিত কৰিছিল। ঘৰৰ এজন কৰ্মচাৰী কৰোণা পজিটিভ হোৱাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। ৮ জানুৱাৰীত কভিড পজিটিভ পোৱা গৈছিল। লতাজীৰ মৃত্যুত ২ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। অন্তিম দৰ্শনৰ বাবে মুম্বাইৰ শিৱাজী পাৰ্কত ৰখা হ’ব নশ্বৰদেহ। বিএমচিৰ পিআৰঅ’ তানাজী কাম্বলে সদৰি কৰা অনুসৰি শিৱাজী পাৰ্কৰ শ্মশানত লতাজীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। অৱশ্যে ইয়াৰ সময় এতিয়াও নিশ্চিত কৰা হোৱা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...