শেষ শ্ৰদ্ধাৰ বাবে সন্ধিয়ালৈকে শিৱাজী পাৰ্কত ৰখা হ’ব নশ্বৰদেহ

কভিডযুদ্ধত পৰাজিত হৈ ইহ সংসাৰৰ পৰা বিদায় মাগিলে সুৰৰ সম্ৰাজ্ঞীয়ে। আজি মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে লতাজীয়ে। লতাজীয়ে প্ৰায় দুবছৰ ধৰি ঘৰ এৰি যোৱা নাছিল। মাজে সময়ে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক বাৰ্তা দিছিল। বৰ্ধিত বয়স আৰু স্বাস্থ্য দুৰ্বল হোৱাৰ বাবে কোঠাতে অধিক সময় অতিবাহিত কৰিছিল। ঘৰৰ এজন কৰ্মচাৰী কৰোণা পজিটিভ হোৱাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল। ৮ জানুৱাৰীত কভিড পজিটিভ পোৱা গৈছিল। লতাজীৰ মৃত্যুত ২ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। অন্তিম দৰ্শনৰ বাবে মুম্বাইৰ শিৱাজী পাৰ্কত ৰখা হ’ব নশ্বৰদেহ। বিএমচিৰ পিআৰঅ’ তানাজী কাম্বলে সদৰি কৰা অনুসৰি শিৱাজী পাৰ্কৰ শ্মশানত লতাজীৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। অৱশ্যে ইয়াৰ সময় এতিয়াও নিশ্চিত কৰা হোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

“ভাৰতৰ প্ৰতি থকা প্ৰেমে সকলোকে একত্ৰিত কৰে”: মিজোৰামৰ ৭ বছৰীয়া কিড ষ্টাৰ লালডুহামীক গিটাৰ উপহাৰ দিলে অমিত শ্বাহে

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণৰ সময়ত মিজোৰামৰ...

পাকিস্তান, ভূটানকে ধৰি ৪৩খন দেশৰ ওপৰত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিব পাৰে ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্প প্ৰশাসনে তিনি স্তৰৰ ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিব...

৯ মাহ মহাকাশত থকাৰ পিছত মানৱ শৰীৰত কি কি পৰিৱৰ্তন হয়?

৯ মাহ ধৰি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (ISS) থকাৰ পিছত...

হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান

হঠাৎ অসুস্থ সংগীতজ্ঞ এ আৰ ৰহমান চিকিৎসালয়ত ভৰ্তি বিশিষ্ট সংগীতজ্ঞ...