নিলাম হ’ব অসমৰ ৪,২০০ বৰ্গ কি.মি. তৈলক্ষেত্ৰ

দেশত তেল আৰু প্ৰাকৃতিক গেছৰ যোগান বৃদ্ধি কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে নতুন পদক্ষেপ। দেশৰ বিভিন্ন অঞ্চলত থকা ৮টাকৈ তেল আৰু প্ৰাকৃতিক গেছৰ ব্লক নিলামৰ বাবে বিশ্বজোৰা নিবিদা আহ্বান কৰিছে কেন্দ্ৰীয় চৰকাৰে। HELPৰ অধীনত এই ব্লকসমূহ নিলামৰ ব্যৱস্থা কৰা হ’ব। ৬টাকৈ গেডিঅ’ অৱবাহিকাৰ ১৫,৭৬৬ বৰ্গ কিলোমিটাৰজোৰা এই তেল আৰু প্ৰাকৃতিক গেছ সম্বলিত ব্লকসমূহৰ নিলামৰ জৰিয়তে ৪০০ নিযুত ডলাৰ পুঁজি বিনিয়োগৰ বাবে সংগ্ৰহ কৰাটো সম্ভৱ হ’ব বুলি চৰকাৰীভাৱে প্ৰকাশ কৰা হৈছে।

এই ব্লকসমূহৰ ভিতৰত ৫টা হৈছে স্থলভাগত আৰু আন ৩টা সমুদ্ৰৰ গৰ্ভত। অসমকে ধৰি ৰাজস্থান, ত্ৰিপুৰা, মধ্যপ্ৰদেশ আৰু পশ্চিম আৰু পূব অৱবাহিকাত এই তৈলক্ষেত্ৰসমূহ বিস্তৃত হৈ আছে। ইয়াৰ ভিতৰত অসমত আছে ৪,২০০ বৰ্গ কিলোমিটাৰজোৰা এক বৃহৎ তৈলক্ষেত্ৰ। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইটাৰযোগে প্ৰকাশ কৰা মতে দেশৰ তৈল উদ্যোগৰ ক্ষেত্ৰত এয়া হ’ব বৃহৎ তৈল অনুসন্ধান প্ৰকল্প।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...