বিধানসভাত দাখিল ভূমি ক্ৰয়-বিক্ৰয় সম্পৰ্কীয় বিধেয়ক

বিধেয়কখন উত্থাপনত তীব্ৰ আপত্তি দৰ্শালে বিৰোধীয়ে
সভাস্থলিত প্ৰস্তাৱ উত্থাপন AIUDFৰ, কংগ্ৰেছৰো প্ৰতিবাদ
বিধেয়ক উত্থাপনৰ পিছতে সদন ত্যাগ কৰিলে কংগ্ৰেছ-AIUDFএ

অসমত ভূমি ক্ৰয়–বিক্ৰয়ৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি–নিৰ্দেশনা প্ৰৱৰ্তন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে। ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে বিধান সভাত ভূমি ক্ৰয়–বিক্ৰয় সম্পৰ্কীয় এখন বিধেয়ক উত্থাপন কৰে ৰাজ্য চৰকাৰে। দ্য আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন (এমেণ্ডমেণ্ট) বিল, ২০২৪ উত্থাপন বিধানসভাত। এই সংশোধনী বিধেয়কখনৰ জৰিয়তে অসমত মুছলমান লোকসকলৰ ভূমি ক্ৰয়–বিক্ৰয়ৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰিব বিচাৰিছে চৰকাৰে। মুছলমান লোকক ভূমি ক্ৰয়–বিক্ৰয়ৰ ক্ষেত্ৰত অনুমতি ল’ব লাগিব ৰাজ্য চৰকাৰৰ। ইপিনে চৰকাৰে বিধেয়কখন বিধানসভাত উত্থাপনৰ পূৰ্বেই বিষয়টোক লৈ বৃহস্পতিবাৰে সভাস্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰিছিল AIUDF দলে। AIUDFৰ অভিযোগ বিধেয়কখনৰ জৰিয়তে খৰ্ব হ’ব মানুহৰ সাংবিধানিক অধিকাৰ।

AIUDF দলৰ সভা স্থগিতৰ প্ৰস্তাৱ নসাৎ কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাৰ কটাক্ষ। UCC নিবিচৰা AIUDFক লাগে ভূমি ক্ৰয়–বিক্ৰয়ৰ অধিকাৰ।

ইয়াৰ লগে লগে মন্ত্ৰী পীযূষ হাজৰিকাক উভতি ধৰে AIUDFৰ বিধায়কসকলে। AIUDFৰ অভিযোগ সংবিধান বিৰোধী কথা কৈছে বিৰোধীয়ে। ইয়াকে লৈ কিছুসময় বিধানসভাৰ মজিয়াত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। ইয়াৰ মাজতে অধ্যক্ষই সভা স্থগিতৰ প্ৰস্তাৱ নসাৎ কৰাত প্ৰতিবাদ কৰি সদন ত্যাগ AIUDFৰ। আনহাতে ৰাজহ মন্ত্ৰী যোগেন মহনে ভূমি ক্ৰয়–বিক্ৰয় সম্পৰ্কীয় সংশোধনী বিধেয়কখন বিধানসভাত উত্থাপন কৰাৰ লগে লগে পুনৰ সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। এইবাৰ AIUDFৰ উপৰিও কংগ্ৰেছৰ বিধায়ক সকলেও বিধেয়কখন বিধানসভাত উত্থাপনত তীব্ৰ আপত্তি দৰ্শাই। বিৰোধীৰ আপত্তি সত্বেও অধ্যক্ষই বিধেয়কখন উত্থাপনত অনুমতি প্ৰদান কৰাত বিৰোধী বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ কংগ্ৰেছ–AIUDF দলৰ বিধায়কৰ। কিছুসময় প্ৰতিবাদৰ পিছতে বিধেয়কখন উত্থাপনৰ বিৰোধিতাৰে সদন ত্যাগ কৰে কংগ্ৰেছ আৰু AIUDF দলৰ বিধায়কসকলে।

উল্লেখ্য যে, বিধেয়কখন গৃহীত হোৱাৰ দিনাও বিধানসভাত পুনৰ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...