বিধানসভাত দাখিল ভূমি ক্ৰয়-বিক্ৰয় সম্পৰ্কীয় বিধেয়ক

বিধেয়কখন উত্থাপনত তীব্ৰ আপত্তি দৰ্শালে বিৰোধীয়ে
সভাস্থলিত প্ৰস্তাৱ উত্থাপন AIUDFৰ, কংগ্ৰেছৰো প্ৰতিবাদ
বিধেয়ক উত্থাপনৰ পিছতে সদন ত্যাগ কৰিলে কংগ্ৰেছ-AIUDFএ

অসমত ভূমি ক্ৰয়–বিক্ৰয়ৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নীতি–নিৰ্দেশনা প্ৰৱৰ্তন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে। ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে বিধান সভাত ভূমি ক্ৰয়–বিক্ৰয় সম্পৰ্কীয় এখন বিধেয়ক উত্থাপন কৰে ৰাজ্য চৰকাৰে। দ্য আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন (এমেণ্ডমেণ্ট) বিল, ২০২৪ উত্থাপন বিধানসভাত। এই সংশোধনী বিধেয়কখনৰ জৰিয়তে অসমত মুছলমান লোকসকলৰ ভূমি ক্ৰয়–বিক্ৰয়ৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰিব বিচাৰিছে চৰকাৰে। মুছলমান লোকক ভূমি ক্ৰয়–বিক্ৰয়ৰ ক্ষেত্ৰত অনুমতি ল’ব লাগিব ৰাজ্য চৰকাৰৰ। ইপিনে চৰকাৰে বিধেয়কখন বিধানসভাত উত্থাপনৰ পূৰ্বেই বিষয়টোক লৈ বৃহস্পতিবাৰে সভাস্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰিছিল AIUDF দলে। AIUDFৰ অভিযোগ বিধেয়কখনৰ জৰিয়তে খৰ্ব হ’ব মানুহৰ সাংবিধানিক অধিকাৰ।

AIUDF দলৰ সভা স্থগিতৰ প্ৰস্তাৱ নসাৎ কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযূষ হাজৰিকাৰ কটাক্ষ। UCC নিবিচৰা AIUDFক লাগে ভূমি ক্ৰয়–বিক্ৰয়ৰ অধিকাৰ।

ইয়াৰ লগে লগে মন্ত্ৰী পীযূষ হাজৰিকাক উভতি ধৰে AIUDFৰ বিধায়কসকলে। AIUDFৰ অভিযোগ সংবিধান বিৰোধী কথা কৈছে বিৰোধীয়ে। ইয়াকে লৈ কিছুসময় বিধানসভাৰ মজিয়াত সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। ইয়াৰ মাজতে অধ্যক্ষই সভা স্থগিতৰ প্ৰস্তাৱ নসাৎ কৰাত প্ৰতিবাদ কৰি সদন ত্যাগ AIUDFৰ। আনহাতে ৰাজহ মন্ত্ৰী যোগেন মহনে ভূমি ক্ৰয়–বিক্ৰয় সম্পৰ্কীয় সংশোধনী বিধেয়কখন বিধানসভাত উত্থাপন কৰাৰ লগে লগে পুনৰ সৃষ্টি হয় হুলস্থূলীয়া পৰিৱেশৰ। এইবাৰ AIUDFৰ উপৰিও কংগ্ৰেছৰ বিধায়ক সকলেও বিধেয়কখন বিধানসভাত উত্থাপনত তীব্ৰ আপত্তি দৰ্শাই। বিৰোধীৰ আপত্তি সত্বেও অধ্যক্ষই বিধেয়কখন উত্থাপনত অনুমতি প্ৰদান কৰাত বিৰোধী বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষৰ আসনৰ সন্মুখত প্ৰতিবাদ কংগ্ৰেছ–AIUDF দলৰ বিধায়কৰ। কিছুসময় প্ৰতিবাদৰ পিছতে বিধেয়কখন উত্থাপনৰ বিৰোধিতাৰে সদন ত্যাগ কৰে কংগ্ৰেছ আৰু AIUDF দলৰ বিধায়কসকলে।

উল্লেখ্য যে, বিধেয়কখন গৃহীত হোৱাৰ দিনাও বিধানসভাত পুনৰ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...