লালু প্ৰসাদ যাদৱক ৫ বছৰৰ কাৰাদণ্ড, ৬০ লাখ টকাৰ জৰিমনা!

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱক ৫ বছৰ কাৰাদণ্ড, ৬০ লাখ টকাৰ জৰিমনা। ৰাচীৰ চি বি আইৰ বিশেষ আদালতে দোষী সাব্যস্ত কৰে লালু প্ৰসাদ যাদৱক। খাদ্য কেলেংকাৰিৰ গোচৰত অভিযুক্ত লালু প্ৰসাদ যাদৱ। দোৰণ্ডা কোষাগাৰৰ পৰা ১৩৯ কোটি টকা আত্মসাতৰ গোচৰত দোষী সাব্যস্ত RJDৰ মুৰব্বী লালু প্ৰসাদ যাদৱ। ১৫ ফেব্ৰুৱাৰীত দোষী সাব্যস্ত কৰিছিল চি বি আইৰ বিশেষ আদালতে। লালু প্ৰসাদৰ লগতে ৩৭ জন দোষীক শাস্তি প্ৰদান।

ইতিমধ্যে আন কেইবাটাও গোচৰ দোষী সাব্যস্ত হৈ কাৰাগাৰত আছে লালু প্ৰসাদ যাদৱ। চি বি আই আদলতৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব লালু প্ৰসাদ যাদৱ। পঞ্চমটো গোচৰত দোষী সাব্যস্ত হোৱাৰ পূৰ্বে আন ৪টা গোচৰত ১৪ বছৰৰ কাৰাদণ্ড বিহিছিল আদালতে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই...

হঠাতে চেনি খোৱা বন্ধ কৰিলে শৰীৰত কি কি সমস্যা হ’ব পাৰে?

চেনি নোখোৱাটো সদায় স্বাস্থ্যৰ বাবে ভাল। কিন্তু হঠাৎ চেনি...

ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰকাশ পালে উপগ্ৰহৰ প্ৰথমখন ছবি

দেওবাৰ পুৱতি নিশা (ভাৰতীয় সময় অনুসৰি) ইৰাণৰ তিনিটা পৰমাণু...

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক

এয়াৰ ইণ্ডিয়াৰ বিমানত বোমাতংক। ইংলেণ্ডৰ বাৰ্মিংহামৰ পৰা বিমানখন দিল্লীলৈ...