সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত এক উৎসৱ ‘লখিমী সবাহ’

সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত এক উৎসৱ ‘লখিমী সবাহ’। প্ৰতি ৭ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এই উৎসৱ। টিংখাঙত অতি উলহ মালহেৰে উদযাপন কৰা হয় ‘লখিমী সবাহ’।

টিংখাঙৰ ১নং চৰাইহাবি গাঁৱত ‘লখিমী সবাহ’
লখিমীক আদৰি অনাৰ এক পৰম্পৰা
গায়ন-বায়ন,পৰম্পৰাগত গীত-মাতেৰে মুখৰ গাঁওখন
সোণোৱাল কছাৰীসকলৰ পৰম্পৰাগত উৎসৱ ‘লখিমী সবাহ
প্ৰতি ৭ বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয় এই উৎসৱ

ব্যাপক উচাহ উদ্দীপনাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি পৰে লখিমী সবাহ। প্ৰায় ১০০ ঘৰ লোকে অংশগ্ৰহণ কৰে এই উৎসৱত। সোমবাৰৰ পৰা অনুষ্ঠিত এই কৃষিভিত্তিক মাংগলিক পৰম্পৰাৰ বুধবাৰে সমাৰণি পৰে। অন্তিম দিনা বিশাল সমদল উলিওৱা হয়। এই সমদলৰ আঁৰত আছে এক পৰম্পৰা। নামঘৰৰ পৰা বিল, নদী অথবা জান-জুৰিলৈ দোলা লৈ উলিওৱা হয় এক সমদল। এইয়া হৈছে লখিমীক আনিবলৈ যোৱা পৰম্পৰা। সদলবলে গায়ন-বায়ন, পৰম্পৰাগত গীত-মাতেৰে আগবাঢ়ে এই সমদল। নৈৰ পাৰত উপস্থিত হৈ সকলোৱে একেলগে আঠু লৈ ৩৩ কোটি দেৱতাক সেৱা আগবঢ়াই। লগত লৈ যোৱা জাকৈ মাৰি জাকৈত উঠা সেই সামগ্ৰীক লখিমী জ্ঞান কৰি পুনৰ একেই সমদলেৰে নামঘৰলৈ আগবাঢ়ে যাত্ৰা। তাৰপাছত সকলো একগোত হয় নামঘৰত। নামঘৰৰ পৰা গাঁৱৰ সকলোৱে জাকৈত উঠা সেই লখিমী ঘৰলৈ লৈ যায়।

সোণোৱাল কছাৰীসকলৰ এই পৰম্পৰা চলি আহিছে বছৰ বছৰ ধৰি। জ্যেষ্ঠ কনিষ্ঠ সকলোৱে অংশগ্ৰহণ কৰা এই ‘লখিমী সবাহে প্ৰকৃততে দাঙি ধৰিছে অসমীয়া পৰম্পৰা সংস্কৃতিৰ এক অনন্য নিদৰ্শন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...