অস্কাৰলৈ মনোনীত কিৰণ ৰাওৰ লাপাতা লেডীজ

অস্কাৰলৈ মনোনীত কিৰণ ৰাওৰ লাপাতা লেডীজ। ২০২৫ত ভাৰতক প্ৰতিনিধিত্ব কৰিব ছবিখনে। আমিৰ খানৰ প্ৰযোজিত ছবিখনৰ পৰিচালনা প্ৰাক্তন পত্নী কিৰণৰ। সোমবাৰে এক বিবৃতিত এই ভাল খবৰটো ঘোষণা কৰে ভাৰতীয় ফিল্ম ফেডাৰেশ্যনে। শ্ৰেষ্ঠ আন্তৰ্জাতিক ফিচাৰ ফিল্ম শ্ৰেণীত ভাৰতক প্ৰতিনিধিত্ব কৰিব লাপাতা লেডীজে। একাংশ উৎকৃষ্ট আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব লাপাতা লেডিজে। ২০২৩ৰ ছেপ্টেম্বৰত টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হৈছিল লাপাতা লেডিজৰ। লাভ কৰিছিল ষ্টেণ্ডিং অভেশ্যন। চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাৰ নেতৃত্বত গঠিত

জুৰীৰ দ্বাৰা অস্কাৰলৈ মনোনিত লাপাতা লেডিজ। এনিমেল, ডাংকি, জাৱানকে আদি কৰি ২৮ খন চিনেমাক চেৰ পেলাই নিৰ্বাচিত হৈছে লাপাতা লেডিজ। ছুপাৰষ্টাৰ আমিৰ খানৰ প্ৰযোজিত ছবিখনে ইতিমধ্যেই তুলিছে খলকনি।

ছবিখনৰ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে ৰবি কিষাণ, নিতাংশী গোৱেল, প্ৰতিভা ৰত্ন আৰু স্পৰ্শ শ্ৰীবাস্তৱে। ভাৰতত ইতিমধ্যে এক ঢৌৰ সৃষ্টি কৰিলে লিংগ সমতাৰ ওপৰত আধাৰিত লাপাতা লেডিজে। এইবাৰ বিশ্বৰ দৰ্শকৰ মাজত অনুৰণন ঘটাব পৰা সম্ভাৱনাক যেন স্বীকাৰ কৰিলে ভাৰতীয় ফিল্ম ফেডাৰেশ্যনে। ব্যতিক্ৰমী কাহিনী উপস্থাপনৰ লগতে চিনেমাৰ উৎকৰ্ষতাকো আলোকপাত কৰিছে এই সিদ্ধান্তই।

ফেডাৰেশ্যনৰ এই সিদ্ধান্তত সুখী প্ৰযোজক-পৰিচালক কিৰণ ৰাও আৰু আমিৰ খান। ভাৰতৰ চলচিত্ৰপ্ৰেমীয়ে এতিয়া আশাৰে বাট চাই ৰৈছে ছবিখনে অস্কাৰ আজুৰি আনক বুলি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...