ন বোৱাৰীক ফটো উঠোৱাক লৈ কুৰুক্ষেত্ৰ, দুটা ফৈদৰ মাজত তুমুল মাৰপিট, জ্বলাই দিলে ঘৰ!

ঈদৰ উছাহৰ মাজতে দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা। ন বোৱাৰীক ফটো উঠোৱাক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত তুমুল মাৰপিট। নগাঁৱৰ কঠিয়াতলীৰ বুকলুঙত সংঘটিত হৈছে এই ঘটনা। গিয়াচুদ্দিন নামৰ এজন লোকে এগৰাকী ন বোৱাৰীক ফটো তুলিবলৈ লোৱাত বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে গিয়াচুদ্দিনক বাধা প্ৰদান কৰাত তৰ্ক-বিতৰ্কত লিপ্ত হৈ উভতি যায় যদিও পুনৰ গিয়াচুদ্দিনে প্ৰায় ৩০জন মান লোকক লগত লৈ বোৱাৰী গৰাকীৰ পৰিয়ালক মাৰপিট কৰি বাসগৃহত অগ্নিসংযোগ কৰাৰ অভিযোগ। এই ঘটনাত ৯জন লোক আহত হৈছে। আহত আব্দুল চালাম, ৰস্তুম আলি, তাহেৰ আলী, আতাবুৰ ইছলাম, ৰবিনা খাতুন, ৰমজান আলী, জাহেদা খাতুন, ৰাছিদা খাতুন আৰু জাকিৰ হুছেইনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...