আৰক্ষীত যোগদানৰ হেঁপাহ আছিল কীৰ্তিকমল বৰাৰ!

নগাঁৱত ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীচালনা কৰা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। ঘটনাৰ বিৰুদ্ধে ক্ষুব্ধ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাই সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে ঘেৰাও কৰে নগাঁও সদৰ আৰক্ষী থানা।

শনিবাৰে নিশা নগাঁৱত ছাত্ৰনেতা জনলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাৰ্ডে গুলীচালনা কৰে ছাত্ৰনেতাজনক। ভৰিত গুলী লগা ছাত্ৰনেতাজনক ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশাই উন্নত চিকিৎসাৰ বাবে GMCHলৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীৰ ভাষ্য মতে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিছিল ছাত্ৰনেতাজনে। কিন্তু পৰিয়ালৰ অভিযোগ পৰিকল্পিতভাৱে আৰক্ষীয়ে কৰিছিল গুলীচালনা। আৰক্ষীয়ে চৰম গুণ্ডাগিৰি কৰাৰ অভিযোগত চিকিৎসালয় চৌহদত নিশাই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

গুলী চলোৱা আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী। ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষকৰ বিস্ফোৰক অভিযোগ। গুলীবিদ্ধ ছাত্ৰনেতা কীৰ্তিকমল বৰা ড্ৰাগছ ব্যৱসায়ৰ লগত জৰিত থকাৰ অভিযোগ আৰক্ষী অধীক্ষকগৰাকীৰ। ছাত্ৰনেতাজনৰ পৰা আৰক্ষীয়ে ড্ৰাগছ জব্দ কৰা বুলিও চাঞ্চল্যকৰ মন্তব্য কৰিছে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

আৰক্ষীক আক্ৰমণ কৰোতে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে বুলি জানিবলৈ দিছে অধীক্ষকগৰাকীয়ে। কিন্তু সমগ্ৰ ঘটনা এতিয়াও ৰহস্যৰ আৱৰ্তত। পৰিয়ালৰলোকে অস্বীকাৰ কৰিছে আৰক্ষীৰ সমগ্ৰ অভিযোগ। মাতৃৰ বাবে ঔষধ ক্ৰয় কৰিবলৈ যোৱাৰ সময়তে ৰাজপথত এজন লোকক আৰক্ষীয়ে প্ৰহাৰ কৰা প্ৰত্যক্ষ কৰিছিল ছাত্ৰনেতা কীৰ্তিকমল বৰাই।

আনহাতে, আৰক্ষীত যোগদান কৰাৰ কথা আছিল কীৰ্তিকমল বৰাৰ। এতিয়া আৰক্ষীৰ গুলীতে চিৰদিনৰ বাবে ঘূণীয়া হ’ল কীৰ্তি! কান্দি কান্দি কেমেৰাৰ সন্মুখত ক’লে কীৰ্তিৰ জ্যেষ্ঠ ভাতৃয়ে। জ্যেষ্ঠ ভাতৃ কৌস্তভ কমলকো গুলীওৱাৰ ভাবুকি দিয়াৰ অভিযোগ।

উল্লেখ্য যে, গুলীবিদ্ধ কীৰ্তিকমল বৰা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল। সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰিছে পৰিয়ালৰ লোক তথা নগাঁওবাসী ৰাইজে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...