বেৰিকেড ভাঙি ‘নবান্ন চলো’ সফল কৰাৰ চেষ্টা প্ৰতিবাদকাৰীৰ

মঙলবাৰে কলকাতাৰ আৰ জি কৰ চিকিৎসালয়ৰ যুৱতী চিকিৎসকক ধৰ্ষণ–হত্যাৰ প্ৰতিবাদত প্ৰস্তাৱিত ‘নবান্ন চলো’ কাৰ্যসূচী সফল কৰাৰ বাবে ওলাই আহিল হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। অৰাজনৈতিক প্ৰতিবাদ বুলি প্ৰচাৰ কৰা নবান্ন চলো কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াই বিজেপিয়ে ৰং ঘঁহিলে ৰাজনীতিত।

প্ৰতিবাদকাৰীক বাধা দিবলৈ ৰাজপথত দিয়া হ’ল বেৰিকেড। ৰাজপথ বন্ধ কৰা হ’ল বেৰিকেড, কণ্টেইনাৰ ট্ৰাকেৰে। কিন্তু হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে বিভিন্ন দিশৰ পৰা আগবাঢ়িল পশ্চিমবংগ প্ৰশাসনৰ প্ৰাণকেন্দ্ৰ নবান্নৰ অভিমুখে। আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিয়াৰ সময়তে লাগে সংঘৰ্ষ।

মহাত্মা গান্ধী ৰোড, ফোৰছোৰ ৰোড আদিত ভয়াৱহ পৰিস্থিতি। একাংশ প্ৰতিবাদকাৰীয়ে শিলাবৰ্ষণ কৰাৰ লগতে ৰাজপথত আৰক্ষীক বগৰাই লৈ কৰিলে আক্ৰমণ। আৰক্ষীয়ে কন্দুৱা গেছ, পানী হিলৈৰ মাজতো বেৰিকেড ভাঙি প্ৰতিবাদকাৰী আগবাঢ়িল। ৬ হাজাৰ আৰক্ষীক মোতায়েন কৰাৰ পিছতো পৰিস্থিতি ভয়ংকৰ হৈ পৰে। হাওৰা ব্ৰীজৰ দুই কাষে বেৰিকেড দিও প্ৰতিবাদকাৰীক বাধা দিব নোৱাৰা পৰিস্থিতি হ’ল আৰক্ষীৰ বাবে। নবান্ন মুখী প্ৰতিটো পথত সষ্টম হৈ থকা আৰক্ষীৰ বেহু ভাঙি দিলে প্ৰতিবাদকাৰীয়ে। পূৰ্বৰে পৰা যান-বাহন চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। DGPসহ শীৰ্ষ আৰক্ষী বিষয়াই তদাৰক কৰিছিল পৰিস্থিতি।

আগতীয়াকৈ কেইবাজনো ছাত্ৰনেতাক গ্ৰেপ্তাৰ কৰা হৈছে। তথাপি ভয়াৱহ ৰূপ ল’লে প্ৰতিবাদে। প্ৰতিবাদকাৰী যাতে নবান্ন পাব নোৱাৰে তাৰ বাবে অধিক কঠোৰ হৈছে আৰক্ষী। প্ৰতিবাদকাৰী আৰক্ষীৰ সংঘৰ্ষত আহত হোৱা আন্দোলনকাৰীক আৰ্থিক সাহায্য আৰু আইনী সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে ৰাজ্যিক বিজেপিয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৪ ছাত্ৰক মুকলি কৰি দিয়াৰ দাবী জনাইছে বিজেপিয়ে। পূৰ্বে শান্তিপূৰ্ণ সমদল উলিয়াব বুলি ছাত্ৰ সমাজে ঘোষণা কৰিছিল যদিও আৰক্ষীয়ে ভয়াৱহ পৰিস্থিতিৰ সম্ভেদ পাই সষ্টম হৈ আছিল। মূলতঃ শংকাই বাস্তৱত পৰিণত হ’ল। আন্দোলনৰ এই পৰিস্থিতিৰ বাবে তৃণমূল কংগ্ৰেছে বিজেপি আৰু RSSক জগৰীয়া কৰিছে। ইফালে বিজেপিয়ে দাবী কৰিছে বিভিন্ন প্ৰান্তত আন্দোলনকাৰীক নিৰ্যাতন চলাইছে আৰক্ষীয়ে। মমতা বেনাৰ্জীৰ পদত্যাগৰো দাবী জনাইছে বিক্ষোভকাৰীয়ে। প্ৰতিবাদৰ ফলত ৰে’লৰ চলালতো ব্যাঘাত জন্মিছে। মুঠতে ভয়াৱহ পৰিস্থিতিৰ সাক্ষী হৈছে কলকাতা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...