পদপিষ্ট কাণ্ডৰ বাবে কোহলীৰ ভিডিঅ’ই দায়ী! উচ্চ ন্যায়ালয়ত কৰ্ণাটক চৰকাৰ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ (RCB) ট্ৰফী জয়ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ ভিৰত পদপিষ্ট হৈ ১১জনৰ মৃত্যু হৈছিল। এই ঘটনাৰ বাবে বিৰাট কোহলীৰ এটা ভিডিঅ’কেই দায়ী কৰিছে কৰ্ণাটক চৰকাৰে। হাইক’ৰ্টত তেওঁলোকৰ যুক্তি, কোহলীৰ সেই ভিডিঅ’ৰ বাবেই প্ৰচুৰ মানুহৰ সমাগম হৈছিল। ইয়াৰ সমান্তৰালকৈ, আৰক্ষী বিষয়াসকলে RCBৰ দাসৰ দৰে কাম কৰিছিল বুলিও তেওঁলোকে যুক্তি আগবঢ়াইছে।

হাইক’ৰ্টত দাখিল কৰা প্ৰতিবেদনত পদপিষ্ট হোৱাৰ ঘটনাৰ আঁৰত একাধিক কাৰণ উল্লেখ কৰিছে চৰকাৰে। তাৰ ভিতৰত আছে কোহলীৰ ভিডিঅ’ৰ কথা, য’ত তেওঁ সমৰ্থকসকলক অংশগ্ৰহণৰ আহ্বান জনাইছিল। লগতে, প্ৰতিযোগিতাৰ আয়োজক ডি এন এ এন্টাৰটেইনমেণ্ট, কৰ্ণাটক ৰাজ্য ক্ৰিকেট সংস্থা আৰু RCBৰ মাজত যোগাযোগৰ অভাৱকো দায়ী কৰা হৈছে। চৰকাৰৰ অভিযোগ, ষ্টেডিয়ামত প্ৰৱেশৰ গেট পলমকৈ খোলা হৈছিল, যাৰ ফলত ভিৰত পদপিষ্ট হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছিল।

এই ঘটনাৰ পিছত কৰ্ণাটক চৰকাৰে আই পি এছ বিষয়া বিকাশ কুমাৰক নিলম্বন কৰিছিল। এডভ’কেট জেনেৰেল পি এছ ৰাজাগোপালৰ যুক্তি, আৰক্ষীয়ে সেইদিনা RCBৰ দাসৰ দৰে আচৰণ কৰিছিল। কোনে অনুমতি দিছিল সেয়া নজনোৱাকৈয়ে নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল। এই কামত কমিশ্বনাৰো জড়িত আছিল।

ৰাজাগোপালৰ যুক্তি, চৰকাৰে তেতিয়ালৈকে অনুমতি দিয়া নাছিল, সেয়া আৰক্ষী বিষয়াসকলে পাহৰি গৈছিল। চৰকাৰৰ যুক্তিত আৰক্ষীৰ গাফিলতিৰ কথা উত্থাপন কৰা হৈছে। এডভ’কেট জেনেৰেলৰ দাবী, মানুহক সচেতন কৰাৰ ন্যূনতম প্ৰয়াসো দেখুওৱা হোৱা নাছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...